নলবাৰী, ২৭ এপ্ৰিলঃ নলবাৰী জিলা পৌৰসভাৰ উদ্যোগত আৰু নলবাৰী প্ৰেছ ক্লাবৰ সহযোগ সাংবাদিকসকলৰ কাৰণে নিৰ্মাণ হ’ব লগা এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা নলবাৰী জিলাৰ বিধায়ক অশোক শৰ্মাই স্থাপন কৰে৷ নলবাৰী জিলাৰ থানা চ’কৰ গোলপাৰ্কৰ উত্তৰ দিশত থকা বজাৰগৃহৰ দ্বিতীয় মহলাত এই প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰা হয়৷ নলবাৰী জিলাৰ পৌৰসভাই বিধায়ক উন্নয়ন পুঁজিৰে সাংবাদিকৰ সুবিধাৰ্থে এই প্ৰক্ষাগৃহটো নিৰ্মাণ কৰিব৷ বিশিষ্ট সাহিত্য সমালোচক ড০ বসন্ত কুমাৰ দাসে উদ্ধোধনী ভাষনত কয় যে এজন সৎ আৰু নিষ্ঠাবান সাংবাদিকে এখন সুষ্ঠ আৰু সৱল সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আনহাতে বিধায়ক অশোক শৰ্মাই ভাষণত কয় যে নলবাৰী জিলাৰ সাংবাদিকসকলে বাতৰি সংগ্ৰহ কৰি লিখাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল৷ এই প্ৰেক্ষাগৃহটোৰ পৰা সাংবাদিকসকল উপকৃত হ’ব বুলি আশা কৰিব পাৰি৷  নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিচালনা কৰে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ব্ৰজেন তালুকদাৰে৷