লংকা, ২৮ এপ্ৰিলঃ হোজাই জিলাৰ উদালী ফুলতলীৰ পৰা ময়না পথাৰ হৈ ১নং কাকী, ২নং কাকী আৰু ৩নং কাকীলৈ সংলগ্ন দলংখনৰ বিধ্বস্ত অৱস্থাই অঞ্চলবাসীক অতিস্থ কৰি তুলিছে৷ বিগত ১২ বছৰ ধৰি মেৰামতিৰ অভাৱত  দলংখনৰ নামত কেইটামান লোহাৰ খুটাৰ ওপৰেদি বিপদসংকুল ভাবে অঞ্চলবাসীয়ে যাতায়ত কৰিব লগা হৈছে৷ বৰষুণৰ বতৰত পথটো বোকাময় হৈ পৰাত দলংখনৰ ওপৰেদি যাতায়ত কৰা অধিক বিপদজনক হৈ পৰে৷ দলংখনেৰে যাত্ৰীসকলে কেৱল খোজকাঢ়ি আৰু চাইকেৰেহে যাত্ৰা কৰিব পাৰে৷ যাৰ কাৰণে দুচকীয়া, চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰা লোকসকলে ফুলতলী, নখুটিৰ পৰা ময়না পথাৰলৈ এক কিল’মিটাৰৰ পথ কমেও ৬-৭ কিল’মিটাৰৰ বেছি অতিক্ৰম কৰিবলগীয়া হৈছে৷ স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে এই দলংখনেৰে যাতায়ত কৰা অৱস্থাত এজন বৃদ্ধ দলঙৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ ইয়াৰ পিছতো চৰকাৰ তথা প্ৰশাসনৰ দ্বায়িত্বহীনতাৰ কাৰণে দৈনিক শতাধিক ছাত্ৰ-ছাত্ৰী বিপদজনক ভাবে  বিদ্যালয়লৈ আহ-যাহ কৰিবলগীয়া হৈছে৷ প্ৰায় পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনত কোনো উন্নতি নোহোৱা এই অঞ্চলটোৰ বাট-পথ-দলং বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে পুননিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলটোৰ উন্নয়ন কৰিবনে, সেয়া সময়তহে দেখা যাব৷