নতুন দিল্লী, ১৮ মেঃ ভাৰতৰ একাদশ ৰাষ্ট্রপতি তথা প্রখ্যাত এৰ’স্পেচ অভিযন্ত ড° এ পি জে আব্দুল কালামক বিশেষধৰণে সন্মান প্রদর্শন কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত পোৱা এটা বিশেষধৰণৰ অণুজীৱৰ নাম ড° কালামৰ নামেৰে ৰাখিছে ‘নাছা’ই। অণুজীৱটােৰ নাম ৰখা হৈছে ছলিবেছিলাছ কালামাই। আজিৰ তাৰিখলৈ এই অণুজীৱটাে কেৱল মহাকাশল কেন্দ্ৰতহে পোৱা গৈছে৷ ‘নাছা’ৰ লছ এঞ্জেলছৰ জেট প্ৰপালচন গৱেষণাগাৰৰ বিজ্ঞানী ড° কন্তুৰী ভেংকটেশ্বৰণে অণুজীৱটােৰ নাম ড° কালামৰ নামত দিয়াৰ কথা সদৰী কৰিছে। স্মর্তব্য যে ভূপৃষ্ঠৰ পৰা প্রায় চাৰিশ কিলোমিটাৰ ওপৰত পৃথিৱীক প্রদক্ষিণ কৰি থকা মহাকাশ কেন্দ্ৰটােৰ ফিল্টাৰত অণুজীৱবিধ ধৰা পৰিছিল।