নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰেলৱেই  নিউ হাৰাঙ্গাজাও (Harangajao) ষ্টেচনত পুনৰুদ্ধাৰ কামত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ৫ ছেপ্টেম্বৰ, ২০২৬ ৰ ভিতৰত লাইন নং ২ পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে পুনৰুদ্ধাৰ কাম ক্ষিপ্ৰগতিত আগবঢ়াই থকা হৈছে। স্বাভাৱিক ৰেল চলাচল শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে প্ৰায় ৫০০ গৰাকী কৰ্মচাৰীয়ে দিনে-নিশাই কাম কৰি আছে। 

পুনৰুদ্ধাৰ কামৰ গতি বৃদ্ধি কৰিবলৈ ২২ খন পিচি এক্সকেভেটৰ, ১২ খন জেচিবি, ১৮ খন ট্ৰেক্টৰৰ লগতে নিউমেটিক ড্ৰিল আৰু হাইড্ৰলিক পাইলিং ৰিগকে ধৰি বিশেষ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি, প্ৰভাৱিত অংশটো শক্তিশালী কৰা, ৰেলপথৰ আন্তঃগাঁথনি সুস্থিৰ কৰা আৰু অন্যান্য অত্যাৱশ্যকীয় পুনৰুদ্ধাৰ কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে দলসমূহে নিৰন্তৰভাৱে কাম কৰি আছে।

২০ জুলাই, ২০২৬ ৰ পৰা নিউ হাৰাঙ্গাজাও য়াৰ্ডত ৰেলপথৰ ভূমি অংশ ক্ষতিগ্ৰস্ত হোৱা আৰু পাৰ্শ্বীয় স্থানচ্যুতিৰ ফলত স্বাভাৱিক ৰেল চলাচল ব্যাহত হৈ আহিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক ব্যৱস্থা হিচাপে বৰ্তমান লাইন নং ৩ ৰ জৰিয়তে ৰেল চলাচল সীমিত কৰা হৈছে। স্থানীয় প্ৰাকৃতিক জলপ্ৰবাহৰ গতিপথ সলনি হোৱা আৰু পানী নিষ্কাশন ব্যৱস্থাৰ পৰিৱৰ্তনৰ ফলত পাহাৰৰ ওপৰৰ অংশৰ পৰা অধিক পৰিমাণৰ পানী এটা নিৰ্দিষ্ট স্থানত প্ৰৱেশ কৰাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। 

মাটিৰ তলত পানী জমা হৈ ৰেলপথৰ ভূমি অংশৰ স্থিৰতা প্ৰভাৱিত কৰিছে। এই পৰিস্থিতি মোকাবিলা কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেই পানী নিষ্কাশন ব্যৱস্থাপনা, পানী নিষ্কাশন আৰু প্ৰভাৱিত ভূমি অংশৰ সুস্থিৰকৰণকে ধৰি ব্যাপক পুনৰুদ্ধাৰ আৰু শক্তিশালীকৰণৰ কাম হাতত লৈছে। সুৰক্ষিত ৰেল চলাচল নিশ্চিত কৰাৰ লগতে প্ৰভাৱিত লাইনসমূহ শীঘ্ৰে পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে এই কামসমূহ ক্ষিপ্ৰগতিত অব্যাহত আছে। বৰ্তমান লাইন নং ৩ ৰ জৰিয়তে অধিক সুৰক্ষা ব্যৱস্থাৰ সৈতে ৰেল চলাচল অব্যাহত আছে, যাতে ৰেলসমূহৰ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য চলাচল নিশ্চিত কৰিব পৰা যায়। 

৫ ছেপ্টেম্বৰ, ২০২৬ ৰ ভিতৰত লাইন নং ২ পুনৰ কাৰ্যক্ষম কৰাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে এই অংশত অধিক সংখ্যক ৰেল চলাচল কৰাব পৰা যাব। ইয়াৰ উপৰি, ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ভিতৰত লাইন নং ১ পুনৰ কাৰ্যক্ষম কৰাৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীসকলৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি পুনৰুদ্ধাৰ কামসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। কামৰ গতি ত্বৰান্বিত কৰি লামডিংবদৰপুৰ পাহাৰীয়া অংশত স্বাভাৱিক ৰেল চলাচল শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সকলো সম্পদ, ৰে’লৱেৰ কৰ্মীসকলক আৰু যন্ত্ৰপাতি মোতায়েন কৰা হৈছে।