অনলাইন ডেস্ক সংবাদ ৩৬৫, ছেপ্টেম্বৰঃ ম্যানমাৰৰ উত্তৰ পশ্চিমত অৱস্থিত ৰোহিঙীয়াৰ মুছলমান আধিপত্য অঞ্চলত ম্যানমাৰসুৰক্ষাবাহিনীৰ আক্ৰমণত বহু ৰোহিঙীয়াৰ মুছলমান বাংলাদেশলৈ পলায়ন কৰাৰ লগতে বহু লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ ম্যানমাৰ সুৰক্ষা বাহিনীৰ ক্ৰমাগত ভাবে বৃদ্ধি পোৱা আক্ৰমণত শংকিত হৈ ৰোহিঙীয়াৰ মুছলমানসকলে সীমান্তবৰ্তী বাংলাদেশলৈ পলায়নৰ চেষ্টা চলাইছে৷ ম্যানমাৰ সুৰক্ষাবাহিনীয়ে ৰোহিঙীয়াৰ মুছলমান গাঁৱৰ ভিতৰত প্ৰৱেশ কৰি ঘৰসমূহত অগ্নি সংযোগ কৰাৰ লগতে নিৰিহ জনতাৰ ওপৰত ধাৰাষাৰ গুলিবৰ্ষণ কৰিছে৷ সুৰক্ষাবাহিনীৰ এনে আক্ৰমণত ৰোহিঙীয়াৰ মুছলমানসকল শংকিত হৈ পৰিছে আৰু প্ৰায় ৭০ হাজাৰতকৈও অধিক ৰোহিঙীয়াৰ মুছলমান বাংলাদেশলৈ পলায়ন কৰিছে বুলি সংযুক্ত ৰাষ্ট্ৰৰ অন্তৰ্গত কাম কৰা শৰণাৰ্থী সংস্থাই এটাই জানিবলৈদিয়ে।৷ ম্যানমাৰ-বাংলাদেশৰ সীমান্তৰ কাষত অৱস্থিত কৌস্ক বাজাৰৰ চিকিৎসালয়ত বহু ৰোহিঙীয়াৰ মুছলমানে আহত হৈচিকিৎসাধীন হৈছে৷ চিকিৎসালয়ৰ চিকিৎসকে জানিবলৈ দিয়া মতে আহতসকলৰ অধিক সংখ্যাক ম্যানমাৰ সেনাৰ গুলিত আহত হৈছে৷ কেবাজনো লোকৰ হাড় পৰ্য্যন্ত ভাঙিছে৷