জনীয়া : জনীয়াৰ ডাউকমাৰীৰ হাছিবুল ইছলামক বৰপেটা কাৰাগাৰত হত্যা কৰাৰ অভিযোগ। হাছিবুল ইছলামৰ পৰিয়ালৰ লোকৰ মতে হাছিবুল ইছলামে আত্মহত্যা কৰা নাই, হাছিবুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। বৰপেটা কাৰাগাৰৰ কৰ্মচাৰী ৰঞ্জিত বায়ন, আফাজ উদ্দিন বেপাৰী আৰু পঞ্চায়ত সদস্য জিন্নত আলী হাছিবুল ইছলামৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ পৰিয়ালৰ।

বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাউকমাৰী গাঁৱৰ হুছেইন আলীৰ পুত্ৰ হাছিবুল ইছলামক কিছুদিন পূৰ্বে বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে উক্ত গাঁৱৰ ফেদ্দুচ আলীৰ কন্যাক পলুৱাই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। হাছিবুল ইছলামক জামিনত মুক্তি কৰি দিয়া আৰু দুয়োপক্ষৰ লগত আপোচ কৰি দিয়াৰ বাবে বাংলীপাৰা গাঁৱৰ আফাজ উদ্দিন বেপাৰীয়ে তেওঁৰ পৰিয়ালৰ পৰা ১০ লাখ টকা দাবী কৰিছিল বুলি হাছিবুল ইছলামৰ পৰিয়ালে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।

আফাজ উদ্দিন বেপাৰীয়ে টকা নিদিলে হাছিবুল ইছলামক জামিনত মুক্তি কৰিব নোৱাৰে আৰু হাছিবুল ইছলামৰ মৃতমুখ পৰিয়ালে দেখিবলৈ পাৱ বুলি ভাবুকি দিয়া বুলিও পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ লগতে জনীয়া গাঁও পঞ্চায়তৰ সদস্য জিন্নত আলীয়ে হাছিবুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ আগতেই জামিন আনি দিবলৈ দহ হাজাৰ টকা পৰিয়ালৰ পৰা লৈ হাছিবুল ইছলামক আৰক্ষীৰ হাতত গতাই দি টকা খিনি আত্মসাত কৰি পলায়ন কৰে। ফলত হাছিবুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

আনহাতে কাৰাগাৰত হাছিবুল ইছলামক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে জেলৰ কৰ্মচাৰী ৰঞ্জিত বায়নে পৰিয়ালটোৰ পৰা ৬০ হাজাৰ টকা লোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। এতিয়া প্ৰশ্ন হয় এইয়া হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব। উক্ত ঘটনাৰ তদন্ত কৰি দোষীক আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।