আজিজ আলী
মুকালমুৱা : দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে ৰাইজে। বাইকত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা ড্ৰাগছ সৰবৰাহকাৰী দুজনক ৰাইজে খেদি খেদি আটক কৰে। জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ। ড্ৰাগছমুক্ত সমাজ গঢ় দিয়াৰ বাবে আৰক্ষীৰ লগতে ৰাইজেও কঁকালত টঙালি বান্ধিছে।

ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ মাজতে এতিয়া ড্ৰাগছৰ বিৰূদ্ধে ওলাই আহিছে ৰাইজ। আৰক্ষীৰ সমান্তৰালভাৱে ৰাইজেও ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে ৰাইজৰ অভিযানত ড্ৰাগছসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে।

এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজৰ অভিযান চলিল নলবাৰী জিলাৰ মুকালমুৱাৰ টেঘেৰিয়াট্টাৰীত। ৰাইজৰ অভিযানত বৃহৎপৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক হয়। দুই ড্ৰাগছ সৰবৰাহকাৰী পুৱাৰ ভাগৰে পৰা অঞ্চলটোত ঘূৰি থকা বুলি ৰাইজে জানিবলৈ দিয়ে।

স্থানীয় ৰাইজৰ সন্দেহ হোৱাত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ বাহনত থকা মোনাখন চাবলৈ বিচৰাত দুয়ো পলাবলৈ চেষ্টা কৰে। ৰাইজে খেদি খেদি চিৰাজুল আলী আৰু ৰুবুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰি মুকালমুৱা আৰক্ষীক খবৰ দিয়ে।

মুকালমুৱা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসহ ড্ৰাগছ সৰবৰাহকাৰী দুজনক আৰক্ষীক গতাই দিয়ে। ড্ৰাগছ সৰবৰাহকাৰী দুজনক এই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ বৰপেটা জিলাৰ কেউতকুচিৰ এজন লোকে দিয়া বুলি ড্ৰাগছ সৰবৰাহকাৰী দুজনে জানিবলৈ দিয়ে।