সোণতলী, ২৫ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীৰ এজন যুৱক গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমুলী আৰক্ষী চকীৰ অধীনস্থ কান্দুলীমাৰীৰ ঈশদ আলীৰ পুত্ৰ ১৯ বছৰীয়া বাছিৰুল ইছলামে কৰ্মসূত্ৰে গুৱাহাটীৰ গড়চুকৰ কটাহবাৰীত মকবুল আলী নামৰ লোকৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল৷ কৰ্মৰ সূত্ৰে আঢ়ৈমাহ পূৰ্বে গুৱাহাটীলৈ অহা বাছিৰুল ইছলামৰ ৰহস্যজনকভাৱে  ৯ মে’ৰ পৰা পৰিয়ালৰ লগত যোগাযোগ নোহোৱা হয়৷ বাছিৰুলৰ সন্ধানত পৰিয়ালৰ লোক গুৱাহাটী আহে যদিও যুৱক জনৰ কোনো শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হয়৷ যোৱা ৯ জুলাইত বাছিৰুলৰ পৰিয়ালে কটাহবাৰী আৰক্ষী থানাত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে৷ কোনো সদাশয় লোকে বাছিৰুল ইছলামৰ সন্ধান পালে ৯৫৭৭৮৯০৩৯৬ অথবা ৯৮৫৯২৫০৬৯০ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷