অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৮ জুনঃ মহিলাগৰাকীৰ নাম যমুনা তুড্ডু, সকলোৱে লেডী টাৰ্জন বুলি সম্বোধন কৰে। দেশত গছ-গছনি সংৰক্ষণ কৰি বনাঞ্চল ৰক্ষা কৰাৰ বাবে বিভিন্ন বেচৰকাৰী সন্থাৰ লগতে চৰকাৰেও গুৰুত্ব প্ৰদান কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু যমুনা তুড্ডু ওৰফে লেডী টাৰ্জনে বনাঞ্চল ৰক্ষা বাবে যি পদক্ষেপ লৈছে সেইয়া সঁচাকৈয়ে প্ৰশংসনীয়। জমছেদপুৰৰ চকুলিয়া গাঁৱৰ বাসিন্দা যমুনা ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে হাতত পানীৰ বটল আৰু লাঠি লৈ গাঁৱৰ পাঁচ ছয় গৰাকী মহিলাৰ লগত নিতৌ সোমাই যায় হাবিৰ ভিতৰলৈ। যমুনা আৰু যমুনাৰ লগৰ মহিলাসকল হাবিৰ ভিতৰত ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈ থাকি হাবিৰ ভিতৰত থকা গছ-গছনিবোৰক ৰক্ষা কৰে বন-মাফিয়াৰ পৰা। যমুনাই বনাঞ্চল ৰক্ষাৰ বাবে মহিলাসকলৰ তিনিটাকৈ দল বনাইছে ইয়াৰে প্ৰথমটো দলে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈ, দ্বিতীয়টো দলে দুপৰীয়াৰ পৰা ৰাতিলৈ আৰু তৃতীয়টো দলে ৰাতিৰ পৰা ৰাতিপুৱালৈ হাবিৰ মাজত থাকি গছ-গছনিবোৰক বন মাফিয়াৰ পৰা ৰক্ষা কৰে। যমুনাৰ দলৰ মহিলাসকল বিভিন্ন সময়ত গছ কাটিবলৈ অহা বন মাফিয়াৰ দলৰ লগত সংঘৰ্ষত লিপ্ত হ’ব লগাও হয় আৰু ইয়াৰ ফলত মাহিলাসকল আঘাতপ্ৰাপ্তও হয়। বনাঞ্চল ৰক্ষাৰ বাবে যমুনাই কৰা এই প্ৰয়াসৰ বাবে যমুনাক লেডী টাৰ্জন নামেৰে গাঁৱবাসীয়ে সম্বোধন কৰে। দিনে-নিশাই গছ-গছনিক ৰক্ষা কৰি অহাৰ বাবে যমুনা বন মাফিয়াসকলৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰাত যমুনাৰ ঘৰত ডকাইতি লগতে যমুনাক প্রাণে মৰাৰো চেষ্টা কৰিছিল বন মাফিয়াসকলে। যমুনাই নিজৰ গাঁৱখনত ল’ৰা-ছোৱালী জন্ম হোৱাৰ লগে লগে গছপুলি ৰোপণৰ প্ৰথা আৰম্ভ কৰাৰ লগতে প্ৰতি বছৰে ৰাখীৰ সময়ত গাঁৱৰ মহিলাসকলৰ লগত প্ৰতিজোপা গছক ৰাখী বন্ধাৰ প্ৰথাও প্ৰচলন কৰিছে। ১৯৯৮ চনত যমুনা বিবাহ পাশত আবদ্ধ হৈ এই গাঁওখনলৈ আহি গাঁৱখনত বন মাফিয়াৰ দপ-দপনি দেখি গছ-গছনিক ৰক্ষা কৰাৰ বাবে মাত্ৰ চাৰি গৰাকী মহিলাক লৈ বন ৰক্ষা বাহিনী গঠন কৰিছিল। বৰ্তমান এই বনৰক্ষা বাহিনীত ষাঠিতকৈও অধিক মহিলা জড়িত হৈ পৰিছে। যমুনাৰ এই সংগ্ৰামত যমুনাৰ পৰিয়াল আৰু গাঁৱবাসীৰ লগতে বন বিভাগেও সৰ্ম্পূণ সহযোগিতা প্ৰদান কৰিছে। ২০১৩ চনত যমুনাক ফিলিপিছ ব্ৰেভাৰী এৱাৰ্ডৰে সন্মানিত কৰা হৈছিল। ২০১৬ চনত ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰতৰ প্ৰথম ১০০ গৰাকী মহিলাৰ ভিতৰত নিৰ্বাচন কৰি ৰাষ্ট্ৰপতি ভৱনত সন্মানিত কৰা হৈছিল। যমুনাই বনাঞ্চল ৰক্ষাৰ বাবে যেতিয়া পোন প্ৰথম বাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল তেতিয়া গাঁৱখনৰ এজনো পুৰুষ আগবাঢ়ি অহা নাছিল কিন্তু গাঁৱৰ মহিলা যমুনাৰ লগত আছিল।