নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী, ২০২৫ : সততা আৰু যত্নৰ প্ৰতি থকা অংগীকাৰ সুদৃঢ় কৰি শনিবাৰে মেঘালয়ৰ (Meghalaya) মিনক্ৰে গাঁৱত এক বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ পৰীক্ষা শিৱিৰ ‘দ্য অ’নেষ্ট কেম্প’ৰ আয়োজন কৰে তাজ চিমেণ্টে। মিনক্ৰে গাঁৱৰ কমিউনিটী হলত আয়োজন কৰা এই শিৱিৰৰ জৰিয়তে গাঁওখনৰ ২৫০ ৰো অধিক বাসিন্দা উপকৃত হয়। এই স্বাস্থ্য শিৱিৰটোত প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তাজ চিমেণ্টে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰোগ নিৰ্ণয়ৰ পিছত প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে।

ইয়াৰ উপৰিও গাঁৱৰ লোকসকলক নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্যকেন্দ্ৰিক সচেতনতাৰ প্ৰতি উৎসাহিত কৰে। চকুৰ পৰীক্ষা শিৱিৰত দৃষ্টিশক্তি পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ আৰু চশমা বিতৰণ কৰা হয়। যিসকলৰ দৃষ্টিৰ সমস্যা বা চকুৰ সুৰক্ষাৰ প্ৰয়োজন, তেওঁলোকক এই শিৱিৰৰ জৰিয়তে সম্পূৰ্ণ সহায় আগবঢ়োৱা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে গাঁওখনৰ জনসাধাৰণৰ বাবে ব্যাপক স্বাস্থ্যসেৱা সুনিশ্চিত কৰা।

এই উদ্যোগৰ বিষয়ে তাজ চিমেণ্টৰ গ্ৰুপ চি এফ অ’ সঞ্জীৱ সুৰেখাই কয়, “তাজ চিমেণ্টৰ বাবে সততাই হৈছে প্ৰতিটো কামৰ মূলমন্ত্ৰ। আন বহু গাঁৱৰ দৰে মিনক্ৰে গাঁৱেও আমাৰ যাত্ৰাত সমৰ্থন আগবঢ়াইছে। ‘দ্য অ’নেষ্ট চেকআপ’ৰ জৰিয়তে আমি আমাৰ মূল্যবোধ, সততা আৰু যত্নক প্ৰতিফলিত কৰি তেওঁলোকক কিবা এটা প্ৰতিদান আগবঢ়াব বিচাৰিছো। তেওঁলোকৰ স্বাস্থ্য আৰু দৃষ্টিশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰি আমি তেওঁলোকৰ বাবে এক সুস্থ আৰু উন্নত ভৱিষ্যত গঢ়াত অৰিহণা যোগাব বিচাৰো।”

তাজ চিমেণ্টে ইয়াৰ সফলতাৰ ক্ষেত্ৰত স্থানীয় লোকসমূহৰ অমূল্য ভূমিকাক স্বীকৃতি দি আহিছে আৰু তেওঁলোকৰ কল্যাণৰ প্ৰতি তাজ চিমেণ্ট গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। ‘দ্য হনেষ্ট চেকআপ’ৰ দৰে পদক্ষেপসমূহ অঞ্চলটোত সুস্থ আৰু শক্তিশালী সমাজ গঢ়ি তোলাৰ বাবে কোম্পানীটোৰ বৃহত্তৰ দৃষ্টিভংগীৰ অংশ।
এই পদক্ষেপৰ জৰিয়তে তাজ চিমেণ্টে পুনৰবাৰ প্ৰমাণ কৰিছে যে এখন সুস্থ সমাজ প্ৰগতিৰ ভেটি। ‘দ্য অ’নেষ্ট চেকআপ’ কেৱল এক শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিয়েই নহয়, মানুহৰ সৈতে দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাৰ বাবে ব্ৰেণ্ডৰ দায়বদ্ধতাৰো এক উজ্জ্বল নিদৰ্শন।