আজিজ আলী

মুকালমুৱা : বৰক্ষেত্ৰীৰ জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হয়। কিছুদিন পূৰ্বে অসম চৰকাৰে জিবিএল উচ্চ মাধ্যমিক বিদ্যালয়খনক উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰিছিল।

বৃহস্পতিবাৰে জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত একাদশ শ্ৰেণীৰ পাঠদানৰ শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে৷ অঞ্চলটোৰ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ একাদশ শ্ৰেণীত কলা শাখাত নামভৰ্তি কৰিছে। শ্ৰেণীকোঠা মুকলি কৰাৰ পিছতে অসমীয়া বিষয়ৰ শিক্ষয়ত্ৰী ৰুমা বৰাই ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি একাদশ শ্ৰেণীৰ পাঠদন প্ৰক্ৰিয়া আৰম্ভ কৰে।

নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সোণাবৰ আলীৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ পাঠদন প্ৰক্ৰিয়াৰ উদ্বোধনী সভা। নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত, জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজুৰুদ্দিন আহমেদ, পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগম, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোকমান আলী, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি নাছিৰ প্ৰধানীকে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।