হোজাই : মুকলি আকাশৰ তলত কণ কণ শিশু লৈ উচ্ছেদিত সকল। পুনৰ সংস্থাপনৰ আশ্বাস দিয়া হৈছিল যদিও শীতৰ নিশা মুকলি আকাশৰ তলত কণ কণ শিশুসহ উচ্ছেদিত লোক সকল হাহাকাৰ কৰিব লগীয়া হৈছে। প্ৰশাসনে কেৱল লামডিঙ বনাঞ্চলৰ পৰা ২০৪ টা পৰিয়ালক আনি চাংমাজি ৰিজাৰ্ভত পেলাই থৈ নিজৰ দ্বায়িত্ব সমৰিলে।

ৰাজ্য চৰকাৰে লামডিঙ বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি বসবাস কৰি থকা লোক সকলক উচ্ছদ কৰিলে। চৰকাৰে উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ আশ্বাস প্রদান কৰিছিল। চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি লামডিঙ বনাঞ্চলৰ উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপন কৰিলে।

উচ্ছেদিত লোক সকলক স্থায়ীভাৱে নহ’লেও অস্থায়ীভাৱে চৰকাৰে আশ্ৰয়স্থলী প্ৰদান কৰিলে। লামডিঙ বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা ২০৪ টা পৰিয়ালক দুদিন পূৰ্বে হোজাই জিলা প্ৰশাসনে ডবকাৰ চাংমাজি ৰিজাৰ্ভত অস্থায়ীভাৱে থাকিবলৈ অনুমতি প্ৰদান কৰি ২০৪ টা পৰিয়ালক চাংমাজিলৈ স্থানান্তৰ কৰে।

এই ২০৪ টা পৰিয়ালক প্ৰশাসনে অস্থায়ী আশ্ৰয়স্থলী প্ৰদান কৰে যদিও এই পৰিয়াল কেইটাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰা পৰিলক্ষিত নহ’ল। খাদ্য, খোৱা পানী, শৌচালয়ৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদিত লোক সকলক অস্থায়ীভাৱে চাংমাজি ৰিজাৰ্ভত থাকিবলৈ দিয়াৰ ফলত উচ্ছেদিত লোক সকল হাহাকাৰ কৰিব লগীয়া হৈছে।

হাড় কপোৱা শীতত প্লাষ্টিক আৰু তিৰপালৰ তলত কণ কণ শিশুলৈ উচ্ছেদিত পৰিয়াল কেইটা উজাগৰী নিশা কটাব লগীয়া হৈছে। এই পৰিয়াল কেইটাৰ দুৰৱস্থা দেখি অঞ্চলটোৰ একাংশ লোকে কিছু খাদ্য সামগ্ৰী আৰু খোৱা পানীৰ ব্যৱস্থা কৰিছে যদিও ২০৪ টা পৰিয়ালৰ লোকৰ বাবে অঞ্চলবাসীয়ে যোগান ধৰা খাদ্য পৰ্যাপ্ত নহয়।

অৱশ্যে বিভিন্ন দল-সংগঠনৰ লোক চাংমাজিত উপস্থিত হৈ উচ্ছেদিত পৰিয়াল কেইটাৰ কাষত থিয় দিছে। এই দল-সংগঠনৰ ফলৰ পৰা এই সকল লোকক খাদ্য সামগ্ৰী, খোৱা পানী, গৰম কাপোৰ আদিৰ যোগান ধৰাৰ লগতে অসুস্থ শিশু আৰু লোক সকলৰ চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে। উচ্ছেদিত পৰিয়াল কেইটাই খাদ্য, খোৱা পানী আৰু শৌচালয়ৰ বাবে চৰকাৰক তথা প্ৰশাসনক দাবী জনাইছে।