কলগাছিয়া : কলগাছিয়াৰ সৰিয়াতপুৰ ৰয়েল ৰেষ্টুৰেণ্ট হোটেলত দেহ ব্যৱসায় চলাৰ অভিযোগ একাংশ ৰাইজৰ। হোটেলখনত একাংশ ৰাইজে দেহ ব্যৱসায় চলাৰ অভিযোগক নস্যাৎ কৰিছে হোটেলখনৰ মালিক আৰু আন একাংশ ৰাইজে।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়াতপুৰৰ ৰয়েল ৰেষ্টুৰেণ্ট হোটেলত বুধবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ময়নৱৰীৰ জয়পুৰৰ দুজন যুৱক সন্ধিয়াৰ ভাগত ৰয়েল ৰেষ্টুৰেণ্ট হোটেলখনত খাবলৈ আহিছিল। কিন্তু যুৱক দুজনে হেনো এগৰাকী যুৱতীৰ সৈতে হোটেলখনৰ পিছফালে অবৈধ কৰ্মত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় ৰাইজে পৰিস্থিতিৰ উত্তপ্ত কৰি তোলে।

ৰাইজে দুজন যুৱক আৰু এগৰাকী যুৱতীক হোটেলখনৰ কাষৰ এখন দোকানৰ পৰা অনৈতিক কামত লিপ্ত হৈ থকা সময়ত আটক কৰে বুলি অভিযোগ উত্থাপন কৰে। ৰাইজে যুৱক দুজন আৰু যুৱতী গৰাকীক কলগাছিয়া আৰক্ষীক গতাই দিয়ে। হোটেলখনত দীর্ঘদিন ধৰি অনৈতিক কাৰ্য চলি থাকৰো অভিযোগ উত্থাপন কৰে একাংশ ৰাইজে।

ইফালে হোটেলখনত কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ সংঘটিত নহয় আৰু উক্ত অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰে হোটেলখনৰ মালিকে। হোটেলখনৰ মালিকৰ লগতে আন একাংশ ৰাইজেও হোটেলখনত অনৈতিক কাৰ্যকলাপ চলাৰ অভিযোগ নস্যাৎ কৰে। আৰক্ষীৰ তদন্তৰ পিছতে কোন সঁচা, কোন মিছা পোহৰলৈ আহিব।