কলগাছিয়া, ৬ চেপ্তেম্বৰঃ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকা চাৰিজন যুৱক কলগাছিয়া আৰক্ষীয়ে আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, আৰক্ষীয়ে বৰপেটাৰ জনীয়া-সালেকুৰাৰ পৰা যুৱক কেইজনক আটক কৰে। আটকধীন যুৱক কেইজন ক্ৰমে হাসেম ৱাছিম খান(২৫), আবু ছুলেমান (২৬), মীৰ জুব্বাৰ হুছেইন (৩৩),আৰু আব্দুল হালিম (২০)৷ ইয়াৰে আব্দুল হালিম বৰপেটাৰ ৰূপাকুচিৰ আৰু আন তিনিজন বৰপেটাৰ বাংলীপাৰাৰ বুলি জানিব পৰা হৈছে৷ আৰক্ষীয়ে যুৱক কেইজনৰ পৰা ২টা লেপটপ, ৫টা মোবাইল হেণ্ডচেটসহ বহু সংখ্যক ছীম আৰু বেংকৰ পাছবুক আৰু বহু নথি পত্ৰ জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে যুৱক চাৰিজনে সংখ্যালঘু অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত জলপানীৰ ধন মোকলাই আহিছিল৷