মানকাচৰ : মানকাচৰত ভয়ংকৰ পথ দুর্ঘটনা। পিক আপ ভেনৰ খুন্দাত যাত্ৰীসহ টেম্পু পৰিল পুখুৰীত। স্থানীয় ৰাইজৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰে টেম্পুখনৰ যাত্ৰী সকলক। টেম্পুখনত থকা ৯ জনকৈ যাত্ৰী আহত। সংকটজনক অৱস্থাত দুজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

শুকুৰবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত দিয়াৰাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত ৯ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত সকলৰ ভিতৰত দুজনৰ অৱস্থাত অতিকৈ সংকটজনক হোৱাৰ বাবে দুয়োকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দিনৰ প্ৰায় ৩ বজাত হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা এখন নম্বৰবিহীন যাত্ৰীবাহী টেম্পুত পিছফালৰ পৰা এ-এছ-৩৪-চি-০২৪৫ নম্বৰৰ এখন পিক আপ ভেন প্ৰচণ্ড খুন্ধা মাৰে। ফলত যাত্ৰীবাহী টেম্পুখন পথৰ কাষত থকা পুখুৰীত বাগৰি পৰে। স্থানীয় ৰাইজে টেম্পুখনৰ চালক আৰু যাত্ৰী সকলক পুখুৰীৰ পৰা উদ্ধাৰ কৰে।

এই ভয়ংকৰ পথ দুর্ঘটনাত টেম্পুখনত থকা মহিলাসহ ৯ জনকৈ যাত্ৰী গুৰুত্বৰভাৱে আহত হয়। আহত সকলক গজাৰিকান্ধি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও টেম্পুখনৰ চালক আৰু এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ অৱস্থা সংকটজনক হোৱাত দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।