গুৱাহাটী, ২৬ মাৰ্চ, ২০২৪ : ৰঙৰ উৎসৱ হোলীৰ দিনাই অসমলৈ আহিল আনন্দৰ খবৰটো৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ দুখনকৈ মেচ এইবাৰ গুৱাহাটীত খেলিব৷ ৰাজস্থান ৰয়েলছে ইতিমধ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন ব’ৰ্ডেও আই পি এলৰ নতুন সূচী প্ৰকাশ কৰি গুৱাহাটীত অনুষ্ঠিত হ’বলগা মেচ দুখনৰ বিষয়ে নিশ্চিত কৰিছে৷

সেই অনুসৰি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ১৫ মে’ত ৰাজস্থান ৰয়েলছে প্ৰথম মেচখন খেলাৰ বিপৰীতে অহা ১৯ মে’ত দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব৷ উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব দুবাৰকৈ আই পি এলৰ চেম্পিয়ন ট্ৰফী লাভ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূবৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰা ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷

ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতে গুৱাহাটীত আই পি এল মেচ আয়োজনৰ গৌৰৱ অসমে লাভ কৰিছে৷ ‘যোৱা ছিজনত দুখন খেলৰ সফল আয়োজনৰ পিছত আমি আনন্দিত হৈছো আৰু চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দুখন মেচ পুনৰ উত্তৰ-পূৰ্বাঞ্চললৈ লৈ আনিছো৷ যোৱাবাৰ বৰ্ষাপাৰা ষ্টেডিয়াম আৰু গুৱাহাটী মহানগৰী গোলাপী ৰঙেৰে উজ্বলি তোলা হৈছিল৷ এইবাৰো আমি আশা কৰিছো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অনুৰাগীসকলে পুনৰ নিজৰ মৰমৰ দল ৰাজস্থান ৰয়েলছক আদৰি ল’বলৈ হেপাহৰে বাট চাই আছে৷ আমি এতিয়াৰে পৰাই অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিম৷ অসম তথা উত্তৰ পূৱৰ ক্ৰিকেটপ্ৰেমীৰ উৎসাহ দেখি আমি আপ্লুত৷ সেয়ে এইবাৰো দুখন মেচ আয়োজনৰ সিদ্ধান্ত লৈছো৷ আমি আশাবাদী এইবাৰো ক্ৰীড়াপ্ৰেমীৰ এশ শতাংশই সহযোগিতা থাকিব৷ বৰ্ষাপাৰা ষ্টেডিয়ামত খেল খেলিবলৈ অনুমতি দিয়াৰ বাবে আমি অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছো লগতে এতিয়া সফলতাৰে মেচ দুখন আয়োজন কৰাৰ বাবে সহযোগিতা বিচাৰিছো৷’ ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয়৷

উল্লেখ্য যে যোৱা বছৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল৷ এইবাৰ পঞ্জাৱ কিংছৰ লগতে গুৱাহাটীলৈ আহিব কলকাতা নাইট ৰাইডাৰ্ছ৷ স্বাভাৱিকতে এয়া অসমৰ ক্ৰীড়াজগতৰ বাবে দুটা বিশেষ দিন হ’ব৷ তিনিওটা দলতে আছে বিশ্ব ক্ৰিকেটৰ তাৰকা৷ ৰাজস্থান ৰয়েলছে গুৱাহাটীত খেলিব লগা মেচ দুখন দলটোৰ অন্তিম লীগ মেচ হোৱাত প্লে-অফলৈ যোগ্যতা অৰ্জনৰ সমিকৰণৰ দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ হ’ব৷ সেয়ে অনুৰাগীয়ে দুখন শ্ৰেষ্ঠ মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত উপভোগ কৰিব পাৰিব৷