ৰঙিয়া,৪ মেঃ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ ৰঙিয়া এ’পল মিল পুনঃজ্জীৱিত কৰাৰ দাবীত কেইবাটাও সংগঠনে ৰঙিয়াৰ ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ এপ’ল মিল পুনঃজ্জীৱিতকৰণৰ দাবীত এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে আছু, যুৱ ছাত্ৰ পৰিষদ, অসম যুৱ পৰিষদ, গৰিয়া যুৱ ছাত্ৰ পৰিষদ, কলিতা জনগোষ্ঠী আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ লগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে ৰঙিয়াৰ ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত ভূটান-ভাৰত যাতায়তৰত শতাধিক যান-বাহন ঘন্টাৰ পিছত ঘন্টা আন্তঃৰাষ্ট্ৰীয় ঘাই পথটোত আৱদ্ধ হৈ পৰে৷ প্ৰতিবাদকাৰীসকলৰ উত্তাল প্ৰতিবাদত প্ৰশাসনে ব্যাপক হাৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে, ৰঙিয়াৰ তুলসীবাৰীত থকা ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এ’পল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকলে সুদীৰ্ঘ ৯ মাহ ধৰি দৰমহা পৰা বঞ্চিত হৈ আছে৷ জীৱনৰ তাড়নাত মিলটোত নিয়োজিত ৭০০ শ্ৰমিক কৰ্মচাৰীয়ে লাজ-মান কাটি বিনাদিৰ্দ্ধাই যিকোনো কাম কৰিবলৈ বাধ্য হৈছে৷ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে মিলটোৰ কৰ্মচাৰীসকলৰ কোনোৱে দিন হাজিৰা কৰিছে, কোনোৱে আকৌ ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰিছে, আন কোনোৱে মেকানিকৰ কাম কৰিবলগীয়া হৈছে৷ এই বৃহৎ বস্ত্ৰ উদ্যোগটো পুনৰুজ্জোৱিত কৰাৰ কাৰণে মিলটোৰ কৰ্মচাৰীসকল বাৰম্বাৰ চৰকাৰক আবেদন জনোৱাৰ পিছতো কৰ্মচাৰীসকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সহাঁৰি লাভ নকৰাত ক্ষোভিত হৈ পৰিছে৷ পলিয়েষ্টাৰ সুতাৰ বাবে বিখ্যাত ৰাজ্যৰ বৃহৎ বস্ত্ৰ উদ্যোগটোক পুনঃজ্জীৱিত কৰাৰ দাবীত এ’পল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ লগত বিভিন্ন দল-সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক শীঘ্ৰে মিলটো পুনঃজ্জীৱিতকৰণৰ কাৰণে বিহিত ব্যৱস্হা গ্ৰহণ নকৰিলে অনাগত দিনতো  আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷