মানকাচৰ : গৰু সৰবৰাহৰ লগত জড়িত প্ৰাক্তন গৃহৰক্ষী জোৱান গ্ৰেপ্তাৰ। গৰু সৰবৰাহকাৰীক আৰক্ষীৰ প্ৰতিটো অভিযানৰ খবৰ দিছিল গৃহৰক্ষী জোৱানজনে। আৰক্ষীৰ অভিযানৰ খবৰ গৃহৰক্ষী জোৱানজনৰ দ্বাৰা পূৰ্বাই লাভ কৰিছিল গৰু সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে জব্দ কৰা এখন নাওঁ বিক্ৰী কৰাৰো অভিযোগ আছে এইজন গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে।

এফালে আৰক্ষী আৰু বিএছএফে গৰু সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে, আনফালে গৰু সৰবৰাহকাৰীৰ লগত মিতিৰালী প্ৰাক্তন গৃহৰক্ষী জোৱানৰ। যি সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষী আৰু বিএছএফে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই প্ৰতিদিনে গৰু জব্দ কৰাৰ লগতে গৰু সৰবৰাহকাৰীক জালত পেলাই আছে সেই সময়তে প্ৰাক্তন গৃহৰক্ষী জোৱান গ্ৰেপ্তাৰ হৈছে গৰু সৰবৰাহকাৰীৰ লগত মিতিৰালী কৰি।

দক্ষিণ শালমাৰাত মইনুল হক নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৰু সৰবৰাহকাৰীক বাংলাদেশলৈ গৰু সৰবৰাহত সহায় কৰাৰ অভিযোগত। মইনুল হক নামৰ গৃহৰক্ষী জোৱানজনক আৰক্ষীয়ে যোৱা শুকুৰবাৰে আটক কৰি জেৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰে। মইনুল হক দক্ষিণ শালমাৰা থানাত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল। মইনুল হকে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা সৰবৰাহকাৰী সকলক বিভিন্ন সময়ত সহায় কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে গৰুৰ সৰবৰাহকাৰীৰ বিৰূদ্ধে অভিযান চলাবলৈ গ’লে মইনুল হকে আগতীয়াকৈ গৰু সৰবৰাহকাৰীৰ আৰক্ষীৰ অভিযানৰ খবৰ দিছিল। আৰক্ষীয়ে ক’ত অভিযান চলাব, গৰু সৰবৰাহকাৰীয়ে কোনফালেৰে গৰু নিলে আৰক্ষীৰ হাতত ধৰা নপৰে এই সকলো খবৰ মইনুল হকে গৰু সৰবৰাহকাৰীক দিছিল। আনকি আৰক্ষীয়ে জব্দ কৰি খোৱাৰাত ৰখা গৰু খোৱাৰৰ পৰা উলিয়াই মইনুল হকে বিক্ৰী কৰিছিল বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা এখন নাওঁ মইনুল হকে বিক্ৰী কৰিছিল।