জাগীৰোড : আৰক্ষীৰ গুলীত আহত আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত হ’ল ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলাম। শুকুৰবাৰে নিশা জাগীৰোডত সংঘটিত হৈছে এই ঘটনা।

ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিগত সময়ছোৱাত ৰাজ্যৰ চুকে কোনে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীৰ।

শুকুৰবাৰে পুনৰ আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক লক্ষ্য কৰি গুলী চালনা কৰে।

আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ সৰবৰাহকাৰীজন। এই গুলী চালনাৰ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ জাগীৰোডত। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামক।

আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামে সুবিধা বুজি আৰক্ষীৰ চকুত ধূলি দি আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। বাহাৰুল ইছলাম পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বাহাৰুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত অহাত বাহাৰুল ইছলামক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।