মানিকপুৰ, ৩১ জুলাইঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ সচিবক কোকিলা আৰক্ষীয়ে আটক কৰে৷ সমবায় সমিতিৰ সচিব তোফাজ্জেল হুছেইনে ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ সভাপতি আবেদ আলী খানে ২০১৬ চনৰ ১০ জানুৱাৰীত সমবায় সমিতিৰ সচিব তোফাজ্জেল হুছেইন আৰু প্ৰাক্তন সভাপতি ছেকান্দাৰ আলী আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আবেদ আলীয়ে এজাহাৰত উল্লেখ কৰা মতে, সমবায় সমিতিত জমা থকা ৬,৬০,১৯২ টকাৰ ভিতৰত ৫,১৭,১৯২টকাৰ ব্যাপক কেলেংকাৰী সংঘটিত হৈছে৷ চাকলা বজাৰত দহটা কোঠা নিৰ্মানৰ বাবদ প্ৰতিজন দোকানীৰ পৰা ২২ হাজাৰকৈ মুঠ দুই লাখ বিশ হাজাৰ টকা আৰু সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনত ৫৭ গৰাকী প্ৰাৰ্থীৰ পৰা মুঠ একানব্বৈ হাজাৰ টকাৰ সৰ্বমুঠ আঠ লাখ (৮,২৮,৩৯২টকা) টকা সচিব তোফাজ্জেল হুছেইন আৰু ছেকান্দাৰ আলী আহমেদে আত্মসাৎ কৰে। আবেদ আলী খানৰ গোচৰৰ ভিত্তিত কোকিলা আৰক্ষীয়ে সমবায় সমিতিৰ সচিব তোফাজ্জেল হুছেইনক আটক কৰে।