গুৱাহাটী, ৩১ জুলাইঃ গুৱাহাটীত দিন হাজিৰা কৰা শ্ৰমিকৰ পৰিচয় পত্ৰ বাধ্যতামূলক কৰাৰ দাবী জনাইছে দিছপুৰৰ বিধায়ক অতুল বৰাই৷ দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলৰ বিধায়ক অতুল বৰাই কয় যে, গুৱাহাটীত শ্ৰমিকৰ বেশত বহু সন্দেহজনক নাগৰিক সোমাই আছে৷ শ্ৰমিকৰ বেশত কিছুমানে চুৰি, ডকাইটি, ড্ৰাগছৰ ব্যৱসায়ৰ দৰে অপৰাধমূলক কামত জড়িত৷ শীঘ্ৰে এই শ্ৰমিকসকলৰ অনুসন্ধান কৰি প্ৰকৃত ভাৰতীয় বুলি নিশ্চিত হোৱাৰ পিছত পৰিচয় পত্ৰ দিব লাগে৷ গুৱাহাটী পৌৰ নিগমে চৰকাৰৰ সহযোগত অতি সোনকালে শ্ৰমিকসকলৰ চিনাক্তকৰণ কৰি পৰিচয় পত্ৰ বিতৰণৰ ব্যৱস্থা কৰিব লাগে৷ গুৱাহাটী সমষ্টিৰ বিধায়কসকলকো চৰকাৰে প্ৰয়োজন অনুভৱ কৰিলে কিছু ক্ষেত্ৰত কিছু দ্বায়িত্ব অৰ্পণ কৰিব পাৰে৷ বিধায়ক বৰাই চলিত বৰ্ষৰ ভিতৰত শ্ৰমিকক পৰিচয় পত্ৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান জনাইছে৷ এই ক্ষেত্ৰত আইনী দিশৰ কথা উল্লেখ কৰি বৰাই কয় যে, শ্ৰমিক সকলক পৰিচয় পত্ৰ বিতৰণৰ কাৰণে বিষয়টো শ্ৰমিক আইনৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰোতে কিছু পলম হ’ব পাৰে৷ এই ক্ষেত্ৰত প্ৰয়োজনীয় জাননীৰ জৰিয়তে পৰিচয় পত্ৰৰ কামখিনি জৰুৰী ভাবে আগবঢ়াই নিব পৰা যাব বুলি মই ভাবো৷ বৰাই সংবাদমেলত পৰিচয় পত্ৰৰ ব্যৱস্থাতো কাঠ মিস্ত্ৰী, ৰাজ মিস্ত্ৰী আদিৰ ক্ষেত্ৰটো প্ৰযোজ্য হোৱাকৈ আইন কানুন প্ৰস্তুত কৰিব লাগে বুলি উল্লেখ কৰে৷ মিস্ত্ৰীক গ্ৰেড-১ আৰু গ্ৰেড-২ দুটা শ্ৰেণীত বিভক্ত কৰি হাজিৰা পৰিমানো নিৰ্দ্ধাৰিত কৰি চৰকাৰ আৰু পৌৰ নিগমক সময়ে সময়ে জাননী জাৰি কৰাৰ কথা ব্যক্ত কৰে৷ দিন হাজিৰা কৰা শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমিক সৰ্বাধিক তিনিশ টকা হ’ব লাগে বুলি উল্লেখ কৰে৷ কোনো শ্ৰমিকে তিনিশতকৈ অধিক হাজিৰা দাবী কৰিলে শাস্তিৰ ব্যৱস্থাও কৰাৰ কাৰণে বৰাই উল্লেখ কৰে৷ বিধায়ক বৰাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী, শ্ৰম মন্ত্ৰী, গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ, উপায়ুক্ত  আৰু আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে৷