কলগাছিয়া ১ আগষ্টঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰিত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড। গুনিয়ালগুৰিৰ আব্দুল জুব্বাৰৰ পৰিয়ালৰ সদস্যক খাদ্যৰ লগত নিচা জাতীয় দ্ৰব্য সেৱন কৰাই অচেতন কৰি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন-সোণ। পুৱা ৮ বজালৈ পৰিয়ালৰ কোনো টোপনিৰ পৰা সাৰ নোপোৱাত ওচৰৰ মানুহে খবৰ ল’বলৈ যোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ স্থানীয় লোকে অচেতন অৱস্থাত ক্ৰমে ফৰিদা খাতুন (৩০) ইৰফান ফৰিদ (১২) ইমৰান ফৰিদ (৮) ছাদ্দাম হুচেইন (২৪) আৰু ছানিদুল ইছলাম (২১)ক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমানে আটাইকেইজন সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও পৰিয়াটোৰ সদস্যসকল সুস্থ হোৱাৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব। উল্লেখ্য যে, তিনিদিন পূৰ্বে গুনিয়ালগুৰিৰ মকছেদ আলীৰ ঘৰতো এনে এক চুৰিকাণ্ড ঘটনা সংঘটিত হৈছিল বুলিও জানিব পৰা গৈছে।