গুৱাহাটী, ২০ জুলাইঃ গুৱাহাটীস্থিত হায়াট হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰে উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ সবাতোকৈ সৰু পেচমেকাৰ সফলতাৰে সংস্থাপন কৰাৰ ঘোষণা কৰে৷ এই পেচমেকাৰটো সচৰাচৰ পৰিচিত পেচমেকাৰৰ দহভাগৰ এভাগ আৰু ই আমেৰিকাৰ ফুড আৰু ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা অনুমোদিত৷ পেচমেকাৰটো শেহতীয়াকৈ সংস্থাপন কৰা হয় শিৱসাগৰৰ ৬০ বছৰীয়া তালেশ্বৰ হাজাম নামৰ লোকজনৰ শৰীৰত৷ অতি ক্ষীণ তথা মদ্যপায়ী লোকগৰাকী শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হৈছিল৷ ইচিজি আৰু ইক’কাৰ্ডিয়লজি পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত কৃত্ৰিম পেচমেকাৰৰ সংস্থাপনৰ প্ৰয়োজনীয়তাৰ কথা পোহৰলৈ আহে৷ সাধাৰণতে পেচমেকাৰ সংস্থাপনৰ বাবে যিখিনি ঠাইৰ প্ৰয়োজন হয়, সেই পৰিমানৰ ঠাই ব্যক্তিজনৰ শৰীৰত তেওঁৰ শাৰিৰীক অৱয়বৰ বাবে পোৱাতো অসম্ভৱ আছিল৷ তেওঁৰ শাৰিৰীক অৱস্থা আৰু বয়সৰ প্ৰতি লক্ষ্য ৰাখি ডাঃ চিন্ময়ে সৰু পেচমেকাৰ সংস্থাপনৰ বাবে পৰামৰ্শ দিয়ে৷ পৰম্পৰাগত পেচমেকাৰৰ দৰে এই সৰু পেচমেকাৰটোত অত্যাধিক ঠাই আৰু ৱায়াৰৰ প্ৰয়োজন নাই৷ এয়া এক অত্যাধুনিক প্ৰযুক্তি৷ যাৰ দ্বাৰা দুই গ্ৰাম ওজনৰ কেপচুল এটাৰ দৰে আকৃতিৰ পেচমেকাৰটো এটা মাত্ৰা বিন্ধা কৰিয়েই হৃদযন্ত্ৰত সংস্থাপন কৰিব পাৰি৷ উল্লেখ্য যে, এই পেচমেকাৰত থকা প্ৰযুক্তিৰ দ্বাৰা প্ৰয়োজনত ইয়াক শৰীৰৰ ভিতৰতেই নিস্ক্ৰিয় কৰিব পৰা ব্যৱস্থা আছে৷ ই ১.৫ আৰু ৩ টেছলা এম আৰ আই দুয়োটাতে অনুমোদিত হৈছে৷