নৱম এছিয়ান ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ আস্থা চৌধুৰীয়ে

In ক্ৰীড়াংগন

শিৱসাগৰ, ১৮ জুলাইঃ উজবেকিস্থানৰ টাছখণ্ডত অনুষ্ঠিত হ’বলগীয়া নৱম এছিয়ান এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ আস্থা চৌধুৰীয়ে৷ শিৱসাগৰৰ ব্যৱসায়ী তথা সমাজকৰ্মী ৰূপম চৌধুৰী আৰু মণিকা চৌধুৰীৰ জ্যেষ্ঠ কন্যা আস্থা চৌধুৰী৷ আস্থাই দিল্লীৰ ড০ ৰাজেন্দ্ৰ প্ৰসাদ নবোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী৷ ২০০৭ চনৰ পৰা সাতোৰ অনুশীলন কৰা আস্থাই বৰ্তমানলৈ ৪টা সোণৰ, ৩টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ শিৱসাগৰৰ অন্যতম আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰংপুৰজ্যোতি প্ৰেছ ক্লাবৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আস্থাক সম্বৰ্ধনা জনোৱা হয়৷ বিশিষ্ট সমাজকৰ্মী পোনাৰাম মিলিৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিচালনা কৰে প্ৰবীণ ক্ৰীড়া সংগঠক বাবুল খান আৰু দেৱজ্যোতি দত্তই৷ সভাত আস্থাৰ লগত ভগ্নী তথা প্ৰতিভাবান সাঁতোৰবিদ কাশ্মিৰী চৌধুৰী, পিতৃ ৰূপম চৌধুৰী, মাতৃ মণিকা চৌধুৰী ৰংপুৰ জ্যোতি ক্লাৱ, শিৱসাগৰ জিলা ক্ৰীয়া সন্থা, ৰয়িং-বয়িং সন্থা, নেষ্ট ফাউণ্ডেছন, উজনি অসম মুছলিম কল্যান পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আস্থাক সম্বৰ্ধনা জনায়৷ ইতিমধ্যে আস্থাই এমহীয়া অনুশীলনৰ কাৰণে দিল্লীলৈ ৰাওনা হৈছে৷ নৱম এছিয়ান এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপখন অহা ৯ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব৷ আস্থাই নেপালত অনুষ্ঠিত হোৱা 15 th LA Inter-school SAAPC Imitation Swimming Championship ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

Comments

comments

You may also read!

প্ৰিয়ংকা গান্ধীক বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুলাই : উত্তৰ প্ৰদেশৰ সোনভদ্ৰত হোৱা হত্যাকাণ্ডৰ বাবে সম্প্ৰতি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজনৈতিক

Read More...

ভাৰত বিশ্বৰ শৰণাৰ্থীৰ ৰাজধানী হ’ব নোৱাৰে : অবৈধ নাগৰিকৰ নাম কৰ্তনৰ বাবে এন আৰ চিৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ জুলাই : উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গঠিত দুজনীয়া বিচাৰপীঠৰ এন আৰ চিৰ

Read More...

ধুবুৰী জিলাত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই প্ৰাক্তন ছাত্ৰ নেতাৰ

ধুবুৰী, সংবাদ ৩৬৫, ১৯ জুলাই : ধুবুৰী জিলাৰ খুদিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই প্ৰাক্তন

Read More...

Mobile Sliding Menu