Oscar To Indian Short Film : ভাৰতীয় চুটি ছবি দা এলিফেণ্ট হুইছপাৰ্ছে জিনিলে শ্ৰেষ্ঠ চুটি ছবিৰ অস্কাৰ বঁটা

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

Sibani Saikia

নিউজ ডেস্ক : ভাৰতলৈ দুটাকৈ অস্কাৰ বঁটা। ভাৰতীয় চুটি ছবি ‘দা এলিফেণ্ট হুইছপাৰ্ছে’ জিনিলে শ্ৰেষ্ঠ ছুটি ছবিৰ অস্কাৰ বঁটা (Oscar To Indian Short Film)। আৰ আৰ আৰ’ৰ সংগীত “নাটো নাটোৱে” লাভ কৰিলে শ্ৰেষ্ঠ মূল সংগীতৰ বঁটা।

বিশ্বৰ সৰ্ববৃহৎ ছবি বঁটা অস্কাৰ ২০২৩ বৰ্ষত ভাৰতৰ জয়যাত্ৰা। শ্ৰেষ্ঠ চুটি ছবি আৰু সংগীতত ভাৰতে লাভ কৰিলে দুটাকৈ সন্মানীয় বঁটা। কাৰ্তিকি গণজালভেছৰ পৰিচালিত আৰু গোণিত মুংগাই প্ৰযোজনা কৰা ‘দ্যা এলিফেণ্ট হুইছপাৰৰ্ছে’ নামৰ চুটি ছবিখনে শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ শাখাত লাভ কৰে বঁটা। আনহাতে দক্ষিণৰ বোলছবি আৰ আৰ আৰ’ৰ সংগীত “নাটো নাটোৱে” শ্ৰেষ্ঠ মূল সংগীতৰ বঁটা লাভ কৰি ইতিহাস সৃষ্ঠি কৰে।

ভাৰতীয় চুটি ছবি ‘দ্যা এলিফেণ্ট হুইছপাৰৰ্ছে’ ৯৫ তম একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ চুটি ছবিৰ শ্ৰেণীত অস্কাৰ বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। চুটিখনৰ প্ৰযোজক আৰু পৰিচালক গুণীত মংগা আৰু কাৰ্তিকি গনচালভেছে এই বঁটা গ্ৰহণ কৰে। অস্কাৰ জয় কৰি আনন্দ প্ৰকাশ কৰি গুনিত মংগাই টুইটাৰযোগে লিখে,”আমি ভাৰতীয় প্ৰযোজনাত প্ৰথম অস্কাৰ জিকিছো। দুগৰাকী মহিলাই এইটো সম্ভৱ কৰে। মই এতিয়াও উত্তেজনাত কঁপি আছোঁ।”

চুটি ছবিখনৰ কাহিনীটো এটা পৰিয়ালক লৈ। তামিলনাডুৰ মুদুমালাই টাইগাৰ ৰিজাৰ্ভত পৰিয়ালটোৱে দুটা অনাথ কেঁচুৱা হাতী তুলি লৈছিল। গুণীত মংগাই দ্বিতীয়বাৰৰ বাবে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ২০১৯ চনত মঙ্গাৰ চলচ্চিত্ৰ পিৰিয়ড এণ্ড অৱ চেণ্ট্ৰেন্সে ডকুমেণ্টৰিৰ শ্বট চাবজেক্ট শ্ৰেণীত অস্কাৰ বঁটা লাভ কৰিছিল।

আনহাতে ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত আৰ আৰ আৰ বোলছবিৰ নাটো নাটো সংগীতে শ্ৰেষ্ঠ মূলগীতৰ শাখাত বঁটা লাভ কৰি ভাৰতলৈ দ্বিতীয়টো সন্মান কঢ়িয়াই আনে। সুৰকাৰ এম এম কিৰৱানি আৰু গীতিকাৰ চন্দ্ৰবসুৱে মঞ্চত এই বঁটা গ্ৰহণ কৰে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu