মানকাচৰ : ফাৰ্মাচীৰ ভিতৰৰ পৰা মাটি খান্দি জব্দ বৃহৎ পৰিমাণৰ ভাং আৰু নিচাজাতীয় টেবলেট। মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কাষতে থকা ফাৰ্মাচীত চলিল আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযান। মাটিৰ তলৰ পৰা বৃহৎ পৰিমাণৰ ভাং আৰু নিচাজাতীয় টেবলেট জব্দ কৰি ফাৰ্মাচীৰ গৰাকীক গ্ৰেপ্তাৰ। চিআৰপিএফে লাভ কৰা খবৰৰ ভিত্তিত চলিছিল এই অভিযান।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ২ নং পুবেৰ গাঁৱস্থিত মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কাষত থকা এখন ফাৰ্মাচীত শনিবাৰে সন্ধিয়া আৰক্ষী আৰু চিআৰপিএফে এক যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ দুজন ফাৰ্মাচীৰ গৰাকীক গ্ৰেপ্তাৰ কৰে। মানকাচৰৰ কামাখ্যাবাৰী চিআৰপিএফৰ ৪৮ নং বেটেলিয়ানে এক গোপন খবৰৰ ভিত্তিত ফাৰ্মাচীখনত মানকাচৰ আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাইছিল।

ফাৰ্মাচীখনৰ দ্বিতীয় কোঠাত মাটিত গাত খান্দি জমা কৰি থোৱা অৱস্থাত আৰক্ষী আৰু চিআৰপিএফে মুঠ ৭০০ গ্ৰাম ভাং আৰু ৯৬০ টা য়াৱা নামৰ নিচাজাতীয় টেবলেট জব্দ কৰি ফাৰ্মাচীখনৰ গৰাকী দুজনক আটক কৰি থানালৈ আনে। জেৰাৰ অন্তত ফাৰ্মাচীৰ গৰাকী দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ ব্যৱসায়ী ফাৰ্মাচীৰ গৰাকী দুজন মানকাচৰ থানাৰ অন্তৰ্গত মানকাচৰ পূবেৰ গাঁৱৰ বুলবুল খানৰ পুত্ৰ ৰাহুল ইছলাম আৰু গালো দেওৱানী গাঁৱৰ প্ৰয়াত আব্দুল ছালামৰ পুত্ৰ মোকছেদুল মিঞা বুলি চিনাক্ত কৰা হৈছে। দীৰ্ঘদিনৰ পৰা ফাৰ্মাচীৰ সুযোগ লৈ দুয়ো এইদৰে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।