আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত অনুষ্ঠিত কংগ্ৰেছ দলৰ মাণ্ডলিক সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা। পৌৰ নিৰ্বাচনত কংগ্ৰেছ দলক জয়ী কৰাৰ পোষকতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ। বিজেপিক আক্ৰমণ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে লেথাৰিকৈ নিৰ্বাচনত জয়ী হোৱা বিজেপি দল অহংকাৰী হৈ পৰিছে। ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধী বিধায়ক সমূহ একত্ৰিত হৈছে মন্তব্য প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই।

বুধবাৰে শিৱসাগৰত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ উজনি অসমৰ মাণ্ডলিক সভা। উজনি অসমৰ ১০ খনকৈ জিলাৰ কংগ্ৰেছ দলৰ নেতা সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাও উপস্থিত থাকে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আগন্তুক পৌৰসভা নিৰ্বাচন সন্দৰ্ভত দলীয় স্থিতি মুকলি কৰি কয় যে বিজেপিৰ অপশাসনৰ সময়ত পৌৰ ভোটাৰ সকলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰিলে সকলোতকৈ বেছি লাভৱান হ’ব। কিয়নো লেথাৰিকৈ নিৰ্বাচনত জয়ী হোৱা বিজেপি দল অহংকাৰী হৈ পৰিছে। এনে অৱস্থাত যদি পৌৰ ভোটাৰ সকলে বিজেপি দলৰ প্ৰাৰ্থী জয়ী কৰাই তেন্তে পৌৰ নিকায় সমূহত এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে যদি পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয় তেন্তে সেই সকল পৌৰ সদস্যই প্ৰতিটো টকা ৰাইজৰ উপকাৰৰ অৰ্থে ব্যৱহাৰৰ চেষ্টা কৰিব। সেয়েহে এইবাৰৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী কৰিলে ৰাইজ উপকৃত হ’ব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। আনহাতে ৰাজ্যসভাৰ দুখন আসনৰ ক্ষেত্ৰত এখন আসন বিজেপি দলে দখল কৰিব যদিও দ্বিতীয়খন আসনৰ বাবে ইতিমধ্যে বিধানসভাৰ বিৰোধী বিধায়ক সমূহ একত্ৰিত হোৱা বুলি সভাপতি গৰাকীয়ে জানিব দিয়ে।ইতিমধ্যে বিৰোধী বিধায়ক সমূহৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে আৰু এই আলোচনা যোগাত্মক বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।