মানকাচৰ : নাবালিকা প্ৰেমিকাক বিবাহ। বিবাহৰ পিছত স্বামী গৃহলৈ নোযোৱাৰ বাবেই গামোচাৰে ডিঙি চেপি হত্যা নাবালিকা গৰাকীক। হত্যাকাৰী স্বামী গ্ৰেপ্তাৰ। কেমেৰাৰ আগত বিস্ফোৰক স্বীকাৰোক্তি হত্যাকাৰী স্বামীৰ। হত্যাকাৰী স্বামীয়ে বিভিন্ন সময়ত নাবালিকা গৰাকীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন।

বাল্য বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ অইন প্ৰণয়ন কৰিছে যদিও ৰাজ্যৰ বিভিন্ন অঞ্চলত বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। বাল্য বিবাহৰ বাবে এইবাৰ স্বামীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী নাবালিকাই। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী পিপুলবাৰীত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ জালত পৰা হত্যাকাৰী স্বামীয়ে কেমেৰাৰ সন্মুখত হত্যাৰ বিস্ফোৰক স্বীকাৰোক্তি দিয়া ঘটনাই মানকাচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় দুবছৰ পূৰ্বে মানকাচৰৰ পিপুলবাৰী গাঁৱৰ জয়নাল আবেদিনৰ নাবালিকা কন্যাক গাঁওখনৰে লাল মিঞাৰ পুত্ৰ মনিৰুল ইছলামৰ সৈতে বিবাহ দিয়া হৈছিল। প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে দুয়োৰে মাজত বিবাহ হয় যদিও স্বমিয়ে মাজে মাজে নাবালিকা পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

নাবালিকা গৰাকীৰ পিতৃ পৰিয়ালে নাবালিকা গৰাকীক স্বামী গৃহত যোৱাত বাধা দি আহিছিল। বিগত প্ৰায় ডেৰ বছৰ ধৰি নাবালিকা গৰাকী পিতৃ গৃহতে আশ্ৰয় লৈ আছিল। ইয়াৰ মাজতে নাবালিকা গৰাকীৰ স্বামী মনিৰুল ইছলাম নাবালিকা গৰাকীৰ পিতৃ গৃহত উপস্থিত হয় নাবালিকা গৰাকীক নিজ গৃহলৈ নিবলৈ চেষ্টা চলোৱাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।

অৱশেষত স্বামী আৰু স্ত্ৰীৰ মাজৰ এই কাজিয়া ৰূপ লয় হত্যাকাণ্ডৰ। স্বামী মনিৰুল ইছলামে নাবালিকা পত্নীক গামোচাৰে ডিঙি চেপি হত্যা কৰে। পত্নীক হত্যা কৰি পথাৰত মৃতদেহ পেলাই পলায়নৰ চেষ্টা কৰে হত্যাকাৰী স্বামী মনিৰুল ইছলামে। কিন্তু স্থানীয় ৰাইজে মনিৰুল ইছলামক আটক কৰি গতাই দিয়ে কালাপানী আৰক্ষীক।