কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়া। কাজিৰঙাৰ মনোমোহা পৰিৱেশ দেখি আপ্লুত ভাৰতীয় ফুটবল তাৰকা গৰাকী। পৰিয়ালসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতিয়া চাবলৈ আহিছে ফুটবল তাৰকা গৰাকী।

এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতিয়া বাঘ বিচাৰি আহিছে ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়া। পৰিয়ালসহ তিনিদিনীয়া ভ্ৰমণসূচীলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অৱসৰ বিনোদন ভাৰতীয় ফুটবল তাৰকা গৰাকীৰ।

ভাৰতীয় ফুটবল তাৰকা গৰাকীৰ লগতে পৰিয়ালৰ সদস্য সকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা পৰিৱেশ দেখি আপ্লুত হৈ পৰে। মঙলবাৰে ফুটবল তাৰকা গৰাকী পৰিয়ালসহ বাগৰী বনাঞ্চল শিবিৰ পৰিদৰ্শন কৰি বুধবাৰে পৰিদৰ্শন কৰে কহঁৰা বনাঞ্চল শিবিৰ। পৰিদৰ্শন কৰে।

ভাৰতীয় ফুটবল তাৰকা গৰাকীয়ে তৃতীয় বাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিছে। বাইচুং ভূটীয়াৰ লগতে পৰিয়ালৰ লোক সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়, হাতী আৰু বিভিন্ন প্ৰজাতিৰ চৰাই দৰ্শন কৰে যদিও ঢেঁকীয়াপতিয়া বাঘ দৰ্শনৰ সৌভাগ্য নহ’ল।