বৰহাট, ৪ ছেপ্তেম্বৰঃ চৰাইদেউৰ সাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত কলাকটাস্থিত মেচাৰ্ছ জে.কে ইণ্ডাষ্ট্ৰীৰ বিশুদ্ধ খোৱাপানীৰ বটল গ্ৰীণ লাইফ একুৱাৰ ভিতৰত শেলুৱৈযুক্ত পানীৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  অসমৰ বিভিন্ন প্ৰান্তলৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা ইণ্ডাষ্ট্ৰীটোৱে বিশুদ্ধ খোৱাপানীৰ বটলত অপৰিষ্কৃত পানীৰ যোগান ধৰি জনস্ৱাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি স্থানীয় লোকে অভিযোগ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ লগতে মেচাৰ্ছ জে.কে ইণ্ডাষ্ট্ৰীটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।