গুৱাহাটী, ২ আগষ্টঃ ব্যতিক্রমী টেকনিকেল উৎসৱ টেকনিছৰ নৱম বর্ষপূর্তিত আইআইটি গুৱাহাটীয়ে ২৭ আগষ্টত দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড ষ্টেডিয়ামৰ পৰা গুৱাহাটী হাফ মাৰাথনৰ আয়োজন কৰিছে এই বার্ষিক অনুষ্ঠানত ২১ কিলোমিটাৰ দৌৰত পেছাদাৰী দৌৰবিদসকলে প্রতিদ্বন্দ্বিতা কৰাৰ লগতে স্কুলকলেজৰ বিদ্যাৰ্থীসকলেও সাধাৰণ চেম্পিয়নশ্বিপ অর্জন কৰিবলৈ অংশগ্রহণ কৰিব। সাধাৰণ জনতাই কিলোমিটাৰ স্পিৰিট ৰাণত অংশগ্রহণ কৰিব৷ আনহাতে ৬কিলোমিটাৰ দৌৰত অংশগ্রহণ কৰিবলৈ শাৰীৰিকভাৱে অক্ষম, অথচ সমর্থন আগবঢ়াব বিচৰা ব্যক্তিয়ে পেইণ্টিং প্রতিযোগিতাত ভাগ পাৰিব। গুৱাহাটী হাফ মাৰাথনৰ সকলো দৌৰ ভোগেশ্বৰী ফুকননী ইনড ষ্টেডিয়ামৰপৰা ২৭ আগষ্টৰ পুৱা .১৫ বজাত আৰম্ভ উল্লেখ্য যে, গুৱাহাটী হাফ মাৰাথন ২০০৯ চনৰ পৰা সু সংহতভাৱে বছৰি বছৰি আয়োজন কৰা হৈছে৷ গুৱাহাটী হাফ মাৰাথন সম্প্রতি উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ হাফ মাৰাথন। চলিত বৰ্ষত গুৱাহাটী হাফ মাৰাথনৰ থীম হৈছে, অংগদানজীৱন যাপন কৰক, জীৱন দান কৰক।