গুৱাহাটী, ১ আগষ্টঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক কোকোৰাঝাৰৰ তিতাগুৰি বজাৰত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে৷ সমগ্ৰ ঘটনাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে কঠোৰ নিন্দা কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, মানস কোঁৱৰ আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এক প্ৰেছ বিবৃতিত এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ লগতে হত্যাকাণ্ডটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে। এই হত্যাকাণ্ডৰ আঁৰত গভীৰ ৰাজনৈতিক অংক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি এই হত্যাকাণ্ডলৈ বিটিএডি উত্তপ্ত কৰাৰ ৰাজনৈতিক অভিসন্ধি থাকিব পাৰে বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সন্দেহ প্ৰকাশ কৰিছে। এই অভিসন্ধি যাতে সফল হ’ব নোৱাৰে তাৰবাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকলোকে সংযম হ’বলৈ আহ্বান জনাই এই ক্ষেত্ৰত  চৰকাৰ প্ৰশাসনক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ কয় যে, এই হত্যাকাণ্ডই পুনৰবাৰ প্ৰমাণ কৰিলে যে বিটিএডি অঞ্চলত জনগণ কিম্বা সামাজিক ৰাজনৈতিক কর্মী নিৰাপদ নহয়, চৰকাৰৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ ওলাই পৰাৰ লগতে সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ কোনো সদিচ্ছা চৰকাৰৰ নাই বুলিও কঠোৰ ভাষাৰে নিন্দা কৰে। ইতিপূৰ্বে বিটিএডিত দীঘলীয়া দিনৰে পৰা ব্যাপক হত্যা-হিংসা চলি থকাত লগতে অতি সম্প্ৰতিও ধাৰাবাহিক ভাবে নিৰীহ লোকৰ হত্যা বিটিএডিত চলি আছে তাৰ পাছতো কেন্দ্ৰ কিম্বা ৰাজ্য চৰকাৰে বিটিএডিৰ সমস্যাৰ প্ৰতি পিঠি দি অহাৰ আঁৰত কি গভীৰ ৰহস্য থাকিব পাৰে বুলিও সংগঠনটোৱে প্ৰশ্ন তুলিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জনগণক ধৈৰ্য সহকাৰে ন্যায়ৰ সংগ্ৰাম আগুৱাই নিব লাগিব বুলিও আহ্বান জনায়।