শিলচৰ, ২ আগষ্টঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ শিলচৰত মৃত্যু হয়। দীৰ্ঘদিন ধৰি বৃক্ক আৰু অন্যান্য ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুৱা ৬.১০ বজাত ৮৩ বছৰ বয়সত শিলচৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে, সন্তোষ মোহন দেৱ ১৯৮০ চনত প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ সাংসদ হিচাপে সাতটা কাৰ্যকালত তেওঁ পাঁচবাৰ অসমৰ শিলচৰক আৰু দুবাৰ ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰিছিল। সন্তোষ মোহন দেৱে ১৯৮৬-১৯৮৮ত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আৰু ১৯৮৮-১৯৮৯ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনত পিভি নৰসিংহ ৰাওৰ কাৰ্যকালত তীখা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু পূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বাধীন চৰকাৰৰ দিনত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সন্তোষ মোহন দেৱ বৰ্তমান শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেৱৰ পিতৃ৷ তেওঁ মৃত্যুৰ সময়ত পত্নীৰ লগতে সাংসদ সুস্মিতাসহ চাৰি কন্যাক এৰি থৈ যায়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে। সন্তোষ মোহন দেৱৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, উপসভাপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।