মুজাক্কিৰ আলম

ৰূপহীহাট : নিচামুক্ত সমাজ গঢ় দিয়াৰ উদ্দেশ্যে ওলাই আহিছে মছজিদৰ ইমাম সকল। মছজিদত নিচামুক্ত সমাজ গঢ় দিয়াৰ প্ৰচেষ্টা চলাব ইমাম সকল। মছজিদত অনুষ্ঠিত হ’ব নিচামুক্ত সজাগতা সভা।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ মাজতে এইবাৰ নিচামুক্ত সমাজ গঢ়িবলৈ আগুৱাই আহিছে মছজিদৰ ইমাম সকল। অল ইণ্ডিয়া ইমাম কাউন্সিলে নিচামুক্ত সমাজ গঢ় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মঙলবাৰে নগাঁও জিলাৰ ৰূপহীহাটৰ ছাইদৰীয়াত অল ইণ্ডিয়া ইমাম কাউন্সিলৰ এক সভা অনুষ্ঠিত হয়। এই সভাত ইমাম সকলে নিচামুক্ত সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আগভাগ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নগাঁও জিলাৰ আহ্বায়ক সমিতিৰ সহযোগত আয়োজন কৰা হয় নিৰুজ অভিযান। ড্ৰাগছ, মদ আৰু অন্যান্য নিচাজাতীয় দ্ৰৱ্যৰ লগতে অনলাইন গেমৰ বিৰূদ্ধে ইমাম কাউন্সিলৰ নিৰুজ অভিযানৰ শুভাৰম্ভ কৰা হয় সভাত।

সভাত অসম ৰাজ্যিক অল ইণ্ডিয়া ইমাম কাউন্সিলৰ সভাপতি মুফতি মুৰতাজা ইউছুফ কাছিমী আৰু সাধাৰণ সম্পাদক মৌলানা আনিছ আহমেদ উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন মছজিদৰ অৰ্ধ শতাধিক ইমাম সকলো উপস্থিত থাকে সভাত।