নলবাৰী : মাতৃৰ ঘৰৰ পৰা স্বামী গৃহলৈ আহি থকা অৱস্থাত সন্ধানহীন হৈছিল অংকুমনি কলিতা নামৰ মহিলা গৰাকী। ১৩ দিন পিছত অংকুমনি কলিতাৰ মৃতদেহ উদ্ধাৰ হৈছে পাগলদিয়া নৈৰ কাষত। হত্যাকাণ্ডৰ অভিযুক্তই দেখুৱাই দিলে অংকুমনি কলিতাক পুতি থোৱা ঠাই।

নলবাৰী জিলাৰ কেহেৰুৱাৰ পাগলদিয়া নৈৰ কাষত উদ্ধাৰ হৈছে অংকুমনি কলিতাৰ মৃতদেহ। মাটিৰ পুতি থোৱা অংকুমনি কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। ১৩ দিনৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিছে অংকুমনি কলিতাৰ মৃতদেহ। হত্যাকাণ্ডৰ অভিযুক্ত দেখুৱাই দিয়ে মৃতদেহ পুতি থোৱা স্থান।

অংকুমনি কলিতাৰ মৃতহদেহ উদ্ধাৰ কৰে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লীণ্টু বৰা আৰু ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে। অংকুমনি কলিতাক পৰিকল্পিতভৱে হত্যা কৰি পাগলদীয়া নৈৰ কাষত পুতি থোৱা তিনি অভিযুক্ত ঘগ্ৰাপাৰ আৰক্ষীৰ জালত পৰাৰ পিছতে এই ঘটনাই সমগ্ৰ নলবাৰী জিলাত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযুক্ত তিনিজন হৈছে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ জগদীশ দাস, কহাৰতোলাৰ চন্দন দাস আৰু কেহেৰুৱাৰ চনজিত কলিতা। উল্লেখ্য যে ৰঙিয়া থানাৰ অন্তৰ্গত উদীয়ানাৰ বাদ্য শিল্পী কৈলাশ কলিতাৰ পত্নী অংকুমনি কলিতাই বাইহাটা চাৰিআলিস্থিত বিহদিয়াৰ মাতৃৰ ঘৰৰ পৰা স্বামী গৃহলৈ আহি থকা অৱস্থাত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।

এই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানা আৰু ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল।কৰিছিল।.বাইহাটা চাৰিআলি আৰক্ষী আৰু ৰঙিয়া আৰক্ষীয়ে পৃথকে পৃথকে গোচৰ ৰুজু কৰি অংকুমনি কলিতাৰ সন্ধান চলাইছিল যদিও সক্ষম হোৱা নাছিল। ইয়াৰ পিছতে এক গোপন খবৰৰ ভিত্তিত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে তৎপৰতাৰে এক অভিযান চলাই জগদীশ দাস, চন্দন দাস আৰু চনজিত কলিতা নামৰ তিনিজনক আটক কৰিছিল।

আৰক্ষীৰ জেৰাত আটকধীন তিনিজনে কয় যে ২৯ ছেপ্টেম্বৰত দীৰ্ঘদিনীয়া চিনাকি অংকুমনি কলিতাক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহতো কেহেৰুৱাৰ পাগলাদিয়া নদীৰ দাতিত পুতি থয়। ইয়াৰ পিছতে ঘগ্ৰাপাৰ আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ সহযোগত মৃতদেহটো পাগলদিয়া নৈৰ কাষৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী ছহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে দুজনে আৰক্ষীৰ জেৰাত পৰিকল্পিতভাৱে অংকুমনি কলিতাক হত্যা কৰি পুতি থোৱা ঠাই দেখুৱাই দিয়াত আৰক্ষীয়ে মৃতদহে উদ্ধাৰ কৰে। এই চাঞ্চল্যকৰ হত্যাকাণ্ডকলৈ কেহেৰুৱা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অংকুমনি কলিতা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ। অংকুমনি কলিতাক কি উদ্দেশ্যেৰে হত্যা কৰা হৈছে এতিয়াও পোহৰলৈ অহা নাই।