মানকাচৰ : সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পূজাৰ উলহ-মালহ পৰিৱেশ। পূজাৰ এই উলহ-মালহ পৰিৱেশৰ মাজতে টেপৰপাৰা গাঁৱত বিৰাজ কৰিছে শোকৰ ছাঁ। গাঁওখনৰ দুজন যুৱকৰ মৃত্যুৰ ফলত গাঁওবাসী শোকত ভাঙি পৰিছে। পূজা চাবলৈ গৈ গাঁওখনৰ দুজন যুৱক নিহত হয়।

অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো পূজাকলৈ ব্যাপক আনন্দ-উল্লাহ। মেঘালয়ৰ গাৰো পাহাৰৰ পূজা মণ্ডপ সমূহে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। প্ৰতিবছৰে অসমৰ বহু লোক মেঘালয়ৰ গাৰো পাহাৰত পূজা চাবলৈ যায়। এইবাৰো অসমৰ বহু লোক গাৰো পাহাৰত পূজা উপভোগ কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে।

গাৰো পাহাৰত পূজা চাবলৈ যোৱাটোৱে কাল হ’ল দুজন যুৱকৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত টেপৰপাৰা গাঁৱৰ দুজন যুৱক গাৰো পাহাৰত পূজা চাবলৈ গৈ দুর্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰে। যুৱক দুজনে মঙলবাৰে সন্ধিয়া এখন মটৰ চাইকেল লৈ পশ্চিম গাৰো পাহাৰৰ গাৰোবাধাত পূজা চাবলৈ গৈছিল।

নিশাৰ ভাগত যুৱক দুজন পূজা চাই গাৰো পাহাৰৰ পৰা ঘৰলৈ ঘূৰি অহা পথত এক ভয়ংকৰ পথ দুর্ঘটনাত পতিত হয়। পথ দুৰ্ঘটনাত যুৱক দুজন থিতাতে নিহত হয়। যুৱক দুজন টেপৰপাৰা গাঁৱৰ মুলুক চান্দ শেখ আৰু আহিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। মেঘালয় আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে।