নিউজ ডেস্ক, ২০ জানুৱাৰী, ২০২৫ : ভাৰতীয় ক্ৰীড়াত নতুন অভিলেখ গঢ়িলে দেশৰ পুৰুষ¸ আৰু মহিলা খো খো (Kho Kho) দলে৷ উল্লেখ্য যে দেশৰ প্ৰথম ক্ৰীড়া হিচাপে এটা বছৰতে বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে৷ এতিয়ালৈকে ভাৰতে অন্য কোনো খেলতে পুৰুষ আৰু মহিলাত এটা বৰ্ষত বিশ্ব চেম্পিয়ন হৈ পোৱা নাই৷ কিন্তু দেওবাৰে নতুন দিল্লীত দেশৰ প্ৰাচীন খেল খো খোৰ জড়িয়তে এই অনন্য গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে৷
স্মৰ্তব্য যে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে প্ৰথম বিশ্বকাপতে চেম্পিয়ন হৈছে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম খো খো বিশ্বকাপৰ দেওবাৰে হোৱা ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে নেপালৰ পুৰুষ-মহিলাক পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে৷ দেওবাৰে নিশা হোৱা প্ৰথমখন ফাইনেলত আয়োজক দেশৰ মহিলা খো খো দলে ৭৮-৪০ ৰ ব্যৱধানত নেপালক পৰাস্ত কৰি আই জি ষ্টেডিয়ামত সোণালী ইতিহাস গঢ়াৰ পাছত ভাৰতৰ পুৰুষ দলটোৱেও ৫৪-৩৬ ৰ ব্যৱধানত নেপালক হৰুৱাই ঐতিহাসিক সফলতা অৰ্জন কৰে৷
বিশ্বকাপ পূৰ্বে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে ছাফ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ সোণ লাভ কৰিছিল৷ কিন্তু দেওবাৰৰ এই সফলতাৰ পাছত বিশ্ব খো খোত ভাৰতৰ পুৰুষ আৰু মহিলাৰ নতুন পৰিচয় হ’ব বিশ্ব চেম্পিয়ন হিচাপে৷ উল্লেখ্য যে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি ভাৰতীয় পুৰুষ-মহিলা দলে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয়৷ চেম্পিয়ন ভাৰতীয় মহিলা দলক সেউজীয়া ৰঙৰ মনোমহা ট্ৰফী প্ৰদান কৰাৰ বিপৰীতে পুৰুষ দলক নীলা ট্ৰফী দিয়া হয়৷
ইয়াৰপূৰ্বে গ্ৰুপ মেচত ইৰাণ, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াক পৰাস্ত কৰা ভাৰতীয় মহিলা খো খো দলে কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল৷ আনহাতে, গ্ৰুপত ভাৰতৰ পুৰুষ দলে নেপালৰ লগতে পেৰু, ব্ৰাজিল আৰু ভূটানক পৰাস্ত কৰাৰ পাছত কোৱাৰ্টাৰ ফাইনেলত শ্ৰীলংকা তথা ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল৷ উল্লেখ্য যে ফাইনেলৰ পূৰ্বে ভাৰতৰ পুৰুষ দলে উদ্বোধনী মেচতো নেপালৰ বিৰুদ্ধে মুখামুখি হৈছিল আৰু ৪২-৩৭ ৰ ব্যৱধানত জয়লাভ কৰিছিল৷