গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাই : ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু কাৰ্ল অনে সন্মিলিতভাবে আই. অ’.এ.অ’.ডি. অনুসৰি উত্তৰ পূৱত বৰ্তমানলৈকে অনুষ্ঠিত হোৱা সবাতোকৈ ডাঙৰ এক অভিযানৰ আৰম্ভ কৰিছে। গ্ৰাহক কেন্দ্ৰীক এই অভিযান অসম,মেঘালয়,অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰ আৰু মিজোৰাম সামৰি উত্তৰপূবৰ ৫৭৪খন ইণ্ডিয়ান অইলৰ পেট্ৰলৰ খুচুৰা বিপনীত সকলো গ্ৰাহকসকলৰ বাবে মুকলি আছে ।

এই অভিযানৰ অংশ হ’বলৈ গ্ৰাহকে দুচকীয়া বাহনৰ বাবে ২০০ টকাৰ আৰু চাৰিচকীয়া বাহনৰ বাবে ৫০০ টকাৰ পেট্ৰল/ডিজেল/এক্ছট্ৰা প্ৰিমিয়াম ক্ৰয় কৰিব লাগিব। আচঁনিটোত পঞ্জীয়ণৰ বাবে ক্ৰয়ৰ পাছত গ্ৰাহকসকলে ৭৪২৮২৯২৬৯৯ নম্বৰত মিছ্‌ড কল দিব লাগিব অথবা IOCAKURLON<Space>Bunk ID<Space>Bill Number সহ ৯২৮৫০৫৫৫৭৫ নম্বৰলৈ এছএমএছ কৰিব লাগিব।মিছ্‌ড কল বা এছএমএছ কৰাৰ পাছত গ্ৰাহকে এটা ট্ৰানজেকছন আই.ডি. লাভ কৰিব। বিল নম্বৰ আৰু বাংক আই ডিটো তেওঁলোকে লিখি ৰাখি ১ ছেপ্তেম্বৰ ২০১৯, ইণ্ডিয়ান অইল দিৱসত অনুষ্ঠিত হ’ব লগা লটাৰীৰ বাবে অপেক্ষা কৰিব লাগিব।

উল্লেখযোগ্য যে লাকী ড্ৰ’ প্ৰতিযোগিতাৰ ভাগ্যবান বিজেতা সকলে ৪ খন ডাটচুন ৰেডিগ’ কাৰ ,২৭ খন টিভিএছ মটৰ চাইকেল,বাটাৰফ্লাইজৰ প্ৰেছাৰকুকাৰ,পানীবটল,কেৰাহী,হট্‌কেছ জাতীয় ১০,৮০০ সামগ্ৰী, ২৫০০টকাৰ ৫৫৭৪০ টা কাৰ্ল অনৰ বিনিময় যোগ্য কুপন লাভ কৰিব।

ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড সৈতে এই বিশেষ সন্ধিৰ সম্পৰ্কত কাৰ্ল অনৰ মুখ্য বিপণন বিষয়া শ্ৰীযুত আশুতোষ বৈদ্যই কয়, “ ইণ্ডিয়ান অইলৰ লগত জড়িত হোৱাৰ সুযোগ পাই আমি উৎফুল্লিত।আমাৰ লক্ষ্য এক- গ্ৰাহক সকলক উচ্চ মানদণ্ডৰ সামগ্ৰী আৰু সুবিধা প্ৰদান কৰা আৰু যেনেদৰে ইণ্ডিয়ান অইলৰ উচ্চমানৰ তেল এখন বাহনৰ বাবে আৱশ্যক ঠিক তেনেদৰে সুস্বাস্থ্যৰ বাবে ভাল টোপনিৰো আৱশ্যক। মই নিশ্চিত তথা বিশ্ৱাসী যে আমাৰ এই প্ৰচেষ্টাক উপভোক্তাসকলে আদৰণি জনাব আৰু আমি একেলগে তেওঁলোকক উৎফুল্লিত কৰিম। আমাৰ সাধ্য অনুসৰি আমি যিমান পাৰো সিমান সংখ্যক উপভোক্তালৈ এই প্ৰচেষ্টাত অংশলোৱাৰ সুবিধা আগবঢ়াম আৰু উচ্চমানৰ তেল আৰু কাৰ্ল অনৰ ভাল টোপনি আগবঢ়োৱাৰ প্ৰতিজ্ঞাৰ লক্ষ্য সাধন কৰিম।

আই.অ.চি.এলৰ মুখ্য প্ৰবন্ধক শ্ৰীযুত সঞ্জীৱ সিঙে চগ্গনমল চাৰাউগী ,দিচপুৰত মুকলি কৰা এই অভিযান ৫৭৪ খন বিপনীৰ সকলো উপভোক্তাৰ বাবে প্ৰযোজ্য হ’ব। ৩১ আগষ্ট,২০১৯ ত এই অভিযানৰ সামৰণি পৰিব। ১ ছেপ্তম্বৰ ২০১৯ তাৰিখে ইণ্ডিয়ান অইল দিৱসত লটাৰীৰ যোগে বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।