গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাই : নাৰী নিৰ্যাতন এটা বহু চৰ্চিত বিষয় ৷ কৰ্মস্হান , বিদ্যালয় আদিৰ পৰা নিজৰ ঘৰখনলৈকে এই সকলোবোৰতে যুৱতীসকল , মহিলাসকল নিৰ্যাতিতা হৈ আহিছে ।

উত্তৰ-পূব ছাত্ৰী সংগঠনৰ সাধাৰণ সম্পাদিকা মুনমী দত্তৰ নেতৃত্বত ২০১৩ চনৰ পৰা অসমৰ বিভিন্ন অঞ্চলত যুৱতীসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দি অহা হৈছে । ইয়াৰ মূল উদ্দেশ্য নাৰী নিৰ্যাতন আৰু ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰি । এই আত্মৰক্ষাৰ প্ৰশিক্ষণত জুডুৰ প্ৰশিক্ষণ দিয়া হয় । উল্লেখযোগ্য যে উত্তৰ-পূব ছাত্ৰী সংগঠনৰ এইয়া একক প্ৰচেষ্টা যদিও সদৌ অসম জুডু সংগঠনে ইয়াত সহযোগিতা আগবঢ়াইছে ।

এই প্ৰশিক্ষণৰ সন্দৰ্ভত উত্তৰ-পূব ছাত্ৰী সংগঠনৰ সাধাৰণ সম্পাদিকা মুনমী দত্তই কয় যে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত দিল্লীৰ পাছতে অসম দ্বিতীয় স্থানত আছে । সেয়ে ছোৱালীসকলৰ আত্মৰক্ষাৰ বাবে এই প্ৰশিক্ষণ দি থকা হৈছে । সমগ্ৰ বছৰজুৰি এই প্ৰশিক্ষণ চলি থাকে আৰু প্ৰত্যেকখন বিদ্যালয়ত ১৫ দিনৰ এক প্ৰশিক্ষণৰ কার্যসূচী গ্ৰহণ কৰা হয় । গৰম বন্ধ বা তেনেধৰণৰ বন্ধৰ সময়চোৱাতো এই প্ৰশিক্ষণ দি থকা হয় । বৰ্তমানলৈকে অসমৰ বিভিন্ন ঠাইত ৫০০০ৰো অধিক ছোৱালীক প্ৰশিক্ষণ দিয়া হৈছে । আগতে কেৱল কলেজৰ ছাত্ৰীসকলকহে এই প্ৰশিক্ষণ দিয়া হৈছিল কিন্তু বৰ্তমান সময়ত এই যৌন নিৰ্যাতনৰ পৰা দুই বছৰীয়া ছোৱালীও হাত সাৰি যাব নোৱাৰে বাবে কণ কণ ছোৱালীকো এই প্ৰশিক্ষণ দিয়া হৈছে । বিপদৰ সময়ত আত্মবিশ্বাস আৰু মনোবল বঢ়োৱাই এই প্ৰশিক্ষণৰ উদ্দেশ্য। প্ৰথম অৱস্থাত প্ৰশিক্ষণৰ বাবে যুৱতীসকলক মাতি আনিবলগীয়া হৈছিল যদিও বৰ্তমান ২০০-৩০০ ছোৱালী এই প্ৰশিক্ষণৰ বাবে নিজেই আগবাঢ়ি আহে আৰু মাক-দেউতাকেও আগবঢ়াই পঠিয়াই। বৰ্তমানৰ পৰিস্থিতি এনেকুৱা হৈ পৰিছে য’ত এজনী ছোৱালী গধূলি ঘৰৰ পৰা ওলাবলৈ ভয় কৰে । কিন্তু এই প্ৰশিক্ষণৰ দ্বাৰা যুৱতীসকলৰ আত্মবিশ্বাস বাঢ়িছে । ফলত যিকোনো ক্ষেত্ৰতে পৰিস্থিতিৰ মুকাবিলা বিলা কৰিবলৈ সাজু হৈছে । এনেধৰণৰ প্ৰশিক্ষণে সমাজৰ পৰা অপৰাধৰ সংখ্যা কম কৰিব ।

এই প্ৰশিক্ষণ সন্দৰ্ভত এগৰাকী প্ৰশিক্ষাৰ্থীয়ে কয় যে এনেকুৱা প্ৰশিক্ষণ বহুত জৰুৰী । কাৰণ খোজে প্ৰতি পুৰুষৰ দ্বাৰা ছোৱালীসকল নিৰ্যাতিতা হৈ আহিছে । কিন্তু এই প্ৰশিক্ষণৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস, মনোবল বাঢ়িছে । ল’ৰাসকলেও বুজি উঠিছে যে ছোৱালীসকল দুৰ্বল নহয় । এই প্ৰশিক্ষণৰ দ্বাৰা ছোৱালীসকল বহুত লাভান্বিত হৈছে । এই জুডু ট্রেইনিংত নিজকে বচোৱাৰ বিভিন্নধৰণৰ কৌশল শিকোৱা হয় ।

ভাৰতীয় সংবিধানত মৰ্যাদা আৰু সন্মানৰ সৈতে মানুহৰ জীয়াই থকাৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। কিন্তু নাৰীৰ ক্ষেত্ৰত সেইয়া যেন বাৰে বাৰে উলংঘন হৈছে । যুৱতীসকলৰ পৰা আৰম্ভ কৰি মধ্যবয়সীয়া আনকি কণ কণ ছোৱালীও পুৰুষৰ যৌন নিৰ্যাতনৰ পৰা সাৰি যাব নোৱাৰে । এই ক্ষেত্ৰত উত্তৰ-পূব ছাত্ৰী সংগঠনৰ সাধাৰণ সম্পাদিকা মুনমী দত্তৰ নেতৃত্বত চলা আত্মৰক্ষাৰ এই জুডু প্ৰশিক্ষণে যুৱতীসকলক নিজকে ৰক্ষা কৰাৰ লগতে আত্মবিশ্বাস তথা মনোবল সুদৃঢ় হ’ব বুলি আশা কৰিব পাৰি ।