গুৱাহাটী, ৪ ছেপ্তেম্বৰঃ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে গুৱাহাটীত পাঁচ কিলোগ্ৰামৰ এফ টি এল (ফ্ৰী ট্রেড এলপিজি) চিলিণ্ডাৰ বিতৰণ আৰম্ভ কৰিছে। বৰ্ধিত জনসংখ্যাৰ সৈতে বৃদ্ধি পোৱা চাহিদা পূৰণার্থে ফৰচুন ৫০০ নামৰ প্রতিষ্ঠানটােৱে এক খুচুৰা বিপনী হিচাপে প্ৰথমখন বিপনী আৰম্ভ কৰিছে। ইণ্ডিয়ান অইলৰ এঅ’ডি ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক দীপাংকৰ ৰয়ে বিগত ১ছেপ্তেম্বৰত ইণ্ডিয়ান আইল দিৱস উপলক্ষে দিছপুৰস্থিত ছগনমল ছেৰাউগী এণ্ড ছন্স পেট্ৰ’ল পাম্পত এই বিশেষ কাৰ্যসূচীৰ মুকলি কৰে। উল্লেখ্য যে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখিয়েই এক্সপ্রেছ কাৰ ৱাশ্ব নামৰ এটা কাৰ ৱাচিং চেণ্টাৰো মুকলি কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি ইণ্ডিয়ান অইলৰ এঅ’ডি ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক দীপাংকৰ ৰয়ে জু ৰোড তিনিআলিস্থিত অম্বিকা ছাৰ্ভিছ ষ্টেশ্যন পেট্ৰ’ল পাম্পত আস্থা শীর্ষক এক গ্রাহক সজাগতা কাৰ্যসূচী মুকলি কৰে। উল্লেখ্য যে, এই গ্রাহক সজাগতামূলক কাৰ্যসূচী অনুসৰি পেট্ৰ’ল পাম্পটোত নিয়মিতভাৱে আইঅ’চিএলৰ প্ৰতিনিধিৰ দ্বাৰা পৰিদৰ্শন কৰা হয় নে নহয় সেয়া অৱগত হ’ব লাগে। ইয়াৰ উদ্দেশ্য হৈছে ডিপোটোৰ তেলৰ মানদণ্ড, পৰিমাণ আৰু সুৰক্ষাৰ দিশসমূহ সন্দৰ্ভত গ্ৰাহকসকল অৱগত কৰা। ভাৰতত প্ৰথমবাৰৰ বাবে অইলৰ এঅ’ডি ৰাজ্যিক কাৰ্যালয়ে এই পদক্ষেপ হাতত লৈছে। এই নতুন পদক্ষেপ অনুসৰি আইঅ’চি এল আৰু খুচুৰা ডিপোসমূহৰ প্ৰতিনিধিসকলে এতিয়াৰে পৰা বিশেষ পোছাক পৰিধান কৰিব আৰু গ্ৰাহকৰ দৃষ্টিগোচৰ হােৱাকৈ বিভিন্ন ষ্টেণ্ডি স্থাপন কৰা হ’ব। খুচুৰা ডিপোসমূহত আইঅ’চিএলৰ প্ৰতিনিধি থকা অৱস্থাত গ্ৰাহকসকলে তেওঁলোকৰ সৈতে মতবিনিময়ো কৰিব পাৰিব।