গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ অমৃত প্ৰজেক্ট কোম্পানীৰ পৰা শান্তিপূৰ্ণ আৰু শীতল যুদ্ধৰ মাজেৰে পাৱাৰ অৱ এন্টৰ্নিৰ স্বত্বলাভ কৰা উত্তৰ পূৰ্বাঞ্চল অমৃত গ্ৰুপ অৱ কোম্পানীজ ইনভেষ্টমেন্ট ফ’ৰামে তিনিবছৰ সম্পূৰ্ণ কৰিলে৷ ফ’ৰামে তিনিবছৰীয়া সাফল্য গুৱাহাটী প্ৰেছ ক্লাৱত উদযাপন কৰে৷ ফৰামৰ উপ সভাপতি বীৰেণ শালৈয়ে বন্তি প্ৰজ্বলনেৰে সভাৰ কাৰ্য্যসূচী মুকলি কৰে৷ অমৃত গ্ৰুপ অৱ কোম্পানীজ ইনভেষ্টমেন্ট ফ’ৰামৰ অধ্যক্ষ মাকনি বৰ্মনে  বিগত ১২ বছৰে বিভিন্ন নন-বেঙ্কিং ফাইনেঞ্চিয়েল কোম্পানীক অসমৰ ৰাজনৈতিক নেতাই দুখীয়া জনতাক শোষন কৰি পলায়নত সহায় কৰাৰ অভিযোগ কৰে৷ বৰ্মনে এই ৰাজনৈতিক ষড়যন্ত্ৰৰ আঁৰত জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জড়িত থকাৰ অভিযোগ কৰে৷ ড০ শৰ্মাৰ আশীষ ধন্য কোম্পানী সমূহৰ ভিতৰত অমৃত প্ৰজেক্ট নামৰ কোম্পানীটো অন্যতম বুলি তেওঁ দাবী কৰে৷ চৰকাৰী নেতা তথা বিষয়ববীয়াৰ সকলো ষড়যন্ত্ৰৰ বিৰুদ্ধে  জনসাধাৰণৰ মূৰত ৰাম টাঙোন শোধাই অসমৰ পৰা পলায়ন কৰা কোম্পানীৰ বিৰুদ্ধে পূৰ্বাঞ্চল অমৃত গ্ৰুপ অৱ কোম্পানীজ ইনভেষ্টমেন্ট ফ’ৰামে শীতল যুদ্ধ অব্যাহত ৰাখি সৰ্ম্পূণ আইনগতভাবে মৰিগাঁওৰ বাঘজাপত থকা কোম্পানীৰ নিজা মাটি ৫১ বিঘাৰ লগতে অসমৰ প্ৰায়বোৰ সম্পতি আৰু বেঙ্গলৰ বহৰমপুৰত থকা ফ্লেট আৰু কোচবিহাৰত থকা ভূমিৰ কিছু অংশ আয়ত্ব কৰিবলৈ সক্ষম হয়৷ কিন্তু ইনভেষ্টমেন্ট ফ’ৰামৰ এই পদক্ষেপত ৰাজ্য চৰকাৰে সহায় কৰাৰ বিপৰীতে হস্তক্ষেপ কৰাতহে বৰ্মনে অভিযোগ কৰিছে৷ বিশেষকৈ মৰিগাঁৱৰ জাগীৰোডৰ বাঘজাপত থকা অমৃত বায়’এনাৰ্জী এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ভূমিত কোম্পানীৰ মুৰব্বীয়ে জমাকাৰীলৈ হস্তান্তৰ কৰাৰ পিছত বিভিন্ন ধৰণৰ বাহিৰা শক্তিৰ প্ৰয়োগ কৰি বাধা পঠালি দিছে৷ এই ক্ষেত্ৰত কোম্পানীয়ে চৰকাৰী কৰ্মচাৰীকো বিভিন্ন ধৰণেৰে হেঁচা প্ৰয়োগ কৰিছে৷ যাৰ কাৰণে যোৱা ১০ আগষ্টত মৰিগাঁৱৰ এডিচিয়ে কোম্পানীক কৰ্মকৰ্তাক মাতি আনি বুজাবুজিৰ চুক্তি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷ মাকনী বৰ্মনে অমৃত প্ৰজেক্ট কোম্পানীৰ নিজা সম্পত্তিৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰা, মৰিগাওঁ জিলা উপায়ুক্তক ফ’ৰামৰ ওপৰত অসংবিধানিক ব্যৱহাৰ বৰ্জন কৰা, অমৃত প্ৰজেক্ট কোম্পানীৰ জমাকাৰীৰ ২০০৪ চনৰ সমূদায় ধন বিত্তীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে ঘূৰাই দিয়াকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে৷ তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মাক তেওঁ দাবী মিছা বুলি প্ৰমাণিত কৰিলে শৰ্মাৰ শিষ্যত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷