নিউজ ডেস্ক, ৯ নৱেম্বৰ, ২০২৪ : চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) গ’লৰ বন্যা বোৱাই ইতিমধ্যে কেবাটাও অভিলেখ গঢ়া লগতে অনবদ্য গৌৰৱৰ যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তাৰকা আলাউদ্দিন আজাৰায়ে শুকুৰবাৰে আন এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ মৰক্কোৰ ষ্ট্ৰাইকাৰগৰাকীয়ে আই এছ এলত দ্ৰুত দহটা গ’ল কৰাৰ অনন্য অভিলেখ গঢ়িছে৷ আঠখন মেচতে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে ভাৰতলৈ খেলিব অহা আলাউদ্দিন আজাৰায়ে৷

উল্লেখ্য যে বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত এখন মেচত নৰ্থ ইষ্ট ইউনাইটেডে ঘৰুৱা দল তথা পইণ্ট তালিকাৰ শীৰ্ষত থকা বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলি পইণ্ট ভগাই লয়৷ অৱশ্যে পূৰ্বৰ ছয়খন মেচৰ দৰেই শুকুৰবাৰেও দুবাৰকৈ খেলত অগ্ৰগতি লৈ আছিল গুৱাহাটীৰ দলটোৱে৷ কিন্তু সুযোগ পায়ো জয়ৰ হেট্ৰিক অৰ্জন কৰিব নোৱাৰিলে নৰ্থ ইষ্ট ইউনাইটেডে৷ গুৱাহাটীত অন্তিম দুখন মেচত চমকপ্ৰদ জয়ৰে আত্মবিশ্বাসী হৈ খেলপথাৰত নমা নৰ্থ ইষ্ট ইউনাইটেডক খেলৰ ন মিনিটতে অগ্ৰগতি দিয়ে আলাউদ্দিন আজাৰায়ে৷ বেংগালুৰুৰ ৰক্ষণ বিভাগক চিতাৰ গতিৰে প্ৰতিহত কৰি আলাউদ্দিন আজাৰায়ে লীগত দ্ৰুত দহ নম্বৰ গ’লটো কৰি অভিলেখ গঢ়ে৷

উল্লেখ্য যে চলিত লীগত প্ৰথম আঠখন মেচতে গ’ল কৰি নিজৰ অভিলেখৰ অশ্বমেধৰ ঘোৰা বিৰামহীনভাৱে লৈ যোৱা আলাউদ্দিন আজাৰায়ে অক্ৰুবা প্ৰথমটো গ’লৰে আই এছ এলত পূৰ্বে ক্ৰমাগত সাতখন মেচত গ’ল কৰা কালু উচেৰ অভিলেখো ভংগ কৰে৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি দুই মিনিটহে থাকে৷ এঘাৰ মিনিটত বেংগালুৰুৰ হৈ এলবাৰ্টে দৰ্শনীয় গ’ল কৰি মেচত সমতা স্থাপন কৰে৷ ঘৰুৱা দলে আক্ৰমণ তীব্ৰ কৰাৰ সময়তে ৰক্ষণ বিভাগৰ ভুল বাবে যতীনৰ সহায়ত আলাউদ্দিন আজাৰায়ে ১৫ মিনিটত দ্বিতীয়টো গ’ল কৰি নৰ্থ ইষ্ট ইউনাইটেডক পুনৰ অগ্ৰগতি দিয়ে৷ উল্লেখ্য যে ক্ৰমাগত তিনিখন মেচত দুটাকৈ গ’ল কৰি আই এছ এলত আন এক অভিলেখ গঢ়ে আলাউদ্দিন আজাৰায়ে৷ ২৮ মিনিটত মান্দেজে মৰা বল নৰ্থ ইষ্টৰ গলপষ্টত লগাত প্ৰথমাৰ্ধৰ সমাপ্তিত বাংগালুৰু ২-১ ত পিচ পৰি থাকে৷

দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰে বেংগালুৰুৰ তাৰকা সুনীল চেত্ৰী৷ কিন্তু প্ৰথমে গ’ল কৰাৰ সুযোগ পায়ো ব্যৰ্থ হয় আলাউদ্দিন আজাৰায়৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডৰ গ’লৰক্ষক গুৰমীট সিঙে দলক দুবাৰ গ’ল খোৱাৰ পৰা ৰক্ষা কৰে৷ বিপৰীতে খেলপথাৰত প্ৰৱেশ কৰিয়ে ৭০ মিনিটত বেংগালুৰুৰ হৈ উইলিয়ামছে গ’ল কৰি মেচত সমতা স্থাপন কৰে৷ ইয়াৰ পাছত উভয় দলে ৰক্ষণ বিভাগত খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰি বিপক্ষৰ আক্ৰমণ ৰক্ষা কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডে অহা ২৩ নৱেম্বৰত নতুন দিল্লীত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচখন খেলিব৷ আনহাতে, বেংগালুৰু দলে ২৭ নৱেম্বৰত কলকাতাত মহমেদান স্পৰ্টিং দলৰ বিৰুদ্ধে খেলিব৷

আই এছ এলৰ পূৰ্ব চেম্পিয়ন বেংগালুৰু দলে চলিত ছিজনত প্ৰথম ছখন মেচত অপৰাজিত হৈ থকাৰ পাছত অন্তিম খেলত দলটো এফ চি গোৱাৰ বিৰুদ্ধে প্ৰথম পৰাজয়ৰ সন্মুখীন হয়৷ আঠখন মেচ খেলি বেংগালুৰুই ১৭ পইণ্ট অৰ্জন কৰিলে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডেও সমসংখ্যক মেচ খেলি বাৰ পইণ্ট লাভ কৰিছে৷