বাঘবৰ, ১৮ জুলাইঃ বৰপেটাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তর্গত ৮৬ নং দিবীপাম গাওঁ পঞ্চায়তত ইন্দিৰা আৱাস যোজনাৰ হিতাধিকাৰীক ঘৰ দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ৮৬ নং দিবীৰপাম গাওঁ পঞ্চায়তৰ তেধাৰা গাঁৱৰ তাফিজ উদ্দিনক পৰিয়ালৰ আইডি- ২১১৬৫ বিপৰীতে ইন্দিৰা আৱাস যোজনাৰ অধীনত ঘৰ আৱন্টন দিয়া হয়৷ উক্ত পঞ্চায়তৰ সভাপতি হানিফ আলী পূৰ্বৰ সচিব বঙ্কৰ আলীয়ে ধনৰ বিনিময়ত একে গাঁৱৰ তাফিজ আলীক উক্ত আই ডি নম্বৰত ঘৰ প্ৰদান কৰাত তাফিজ উদ্দিনে মন্দিয়া আৰক্ষী চকীত প্রায় ডেৰ মাহ পূর্বে গোচৰ ৰুজু কৰে। গোচৰৰ ভিত্তিত আৰক্ষী বিষয়া সুভাষ চন্দ্র দলেয়ে সভাপতি হানিফ আলীক আটক কৰি জেৰা অব্যাহত ৰখাৰ সময়তে স্থানীয় বিধায়ক শ্বেৰমানৰ আলীৰ ৰাজনীতিক ক্ষমতা আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ হস্তক্ষেপত হানিফ আলীক মুকলি কৰি দিয়ে৷ ন্যায় দাবীত তাফিজ উদ্দিনে পুনৰ মন্দিয়া আৰক্ষী চকীত ১৫ জুলাইত ১৭৯/ ১৭ ৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ইউ/এছ ৪২০/৪০৬/৩৪ নম্বৰত দ্বিতীয়টো গোচৰ ৰুজু কৰে।  ভূক্তভোগীয়ে এজাহাৰত শ্বেৰমানৰ আলীৰ ৰাজনীতিক ক্ষমতা আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ হস্তক্ষেপত হানিফ আলীক মুকলি কৰি দিয়াৰ লগতে তদন্তকাৰী আৰক্ষী বিষয়াক তৎকালীন বদলি কৰাৰ অভিযোগ কৰে। আৰক্ষীৰ তদন্তত সন্দেহ দেখি বঞ্চিত হিতাধিকাৰী তাফিজ উদ্দিনে উচ্চ-পৰ্যায়ৰ তদন্তৰ দাবী জনায় ।