ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষাৰ্থীৰ মাজত চলে মুক্ত ৰোমাঞ্চ

প্ৰতিবেদক, ১৮ জুলাইঃ কলগাছিয়াৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৰেডিয়েঞ্চ একাডেমী এতিয়া প্ৰেমৰ একাডেমী। বিদ্যাৰ নামত একাডেমীত চলে মুক্ত প্ৰেম। ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই, শিক্ষক-শিক্ষাৰ্থীৰ মাজত চলে মুক্ত ৰোমাঞ্চ। কেতিয়াবা যদি শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠাত আন কেতিয়াবা আকৌ শিক্ষানুষ্ঠানৰ ছাত্ৰী নিবাসত। ৰেডিয়েঞ্চ একাডেমীৰ এনে ঘটনা এতিয়া সৰ্বজনবিদিত। কিছুদিন পূৰ্বে অনুষ্ঠানখনত সংঘটিত হোৱা শিক্ষক ছাত্ৰীৰ অপকৰ্মৰ ঘটনা এটাই ফেচবুক, হোৱাটছ আপত ব্যাপক চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, অনুপম ডেকা নামৰ ৰসায়ন বিজ্ঞান বিভাগৰ শিক্ষকজনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষ ছাত্ৰী এগৰাকী লগত অনৈতিক কাৰ্য্যত লিপ্ত হয় আৰু ৯ জুলাইত ছাত্ৰী জনীক ছাত্ৰী-নিৱাসৰ পৰা পলুৱাই নিয়ে।  ছাত্ৰী নিবাসৰ পৰা শিক্ষকে ছাত্ৰীক পলুৱাই নিয়া ঘটনাটো একাডেমীৰ স্বত্বাধিকাৰী তথা কৰ্তৃপক্ষই গোপনে ৰখাৰ চেষ্টা কৰে যদিও ছাত্ৰী গৰাকীৰ অভিভাৱকে ঘটনা সংক্ৰান্তত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।