নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ আগষ্ট : দেওবাৰে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিকলৈ বৈঠক আয়োজন কৰাৰ সময়তে সীমাৰ সিপাৰতো পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে পাকিস্তানৰ সেনা আৰু এন এছ এৰ সৈতে ভাগ লয় বৈঠকত।

জম্মু–কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিকলৈ এতিয়া আয়োজন কৰা হৈছে বৈঠক ।

সম্প্ৰতি ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কই চুড়ান্ত পৰ্যায় অতিক্ৰম কৰিছে। প্ৰতিদিনে অৱনমিত হৈছে দুয়োখন দেশৰ মাজৰ বৈদেশিক সম্পৰ্ক পাকিস্তানৰ সেনাই ভাৰতে কলষ্ট’ৰ বোম পাকিস্তানলৈ উদ্দেশ্যি নিক্ষেপ কৰিছে বুলি অভিযোগ কৰিছে। যাৰ পৰিণাম অত্যন্ত ভয়ানক। দেওবাৰে এই বিষয়কলৈয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এখন বৈঠকৰ আহ্বান জনাইছিল।

সেইদৰে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনোৱা বৈঠকত উপস্থিত আছিল ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত ডোভাল, গৃহ সচিব ৰাজীৱ গাৱা, আইবী চীফ অৰৱিন্দ কুমাৰ আৰু ৰ’ ৰ চীফ সামন্ত কুমাৰ গোয়াল।

বৈঠক খনত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ সীমান্তত কূটাঘাট সংঘটিত কৰাৰ যি খবৰ আহিছে সেই সম্পৰ্কে বিশদ ভাবে আলোচনা কৰা হয়। সেইদৰে দেশ দুখনৰ মাজত চলি থকা সীমা বিবাদ এতিয়া অন্তিম পৰ্যায়ত আছে বুলিও মন্তব্য কৰে বিষয়াসকলে। অতি সোনকালে ভাৰতবৰ্ষই ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।