গুৱাহাটী, সংবাদ ৩৬৫, ৪ আগষ্ট : অসম চুক্তিৰ ৬নং দফা, বিধানসভাত আসন সংৰক্ষণ আৰু উচ্চ সদন ব্যৱস্থা প্ৰৱৰ্তনৰ সম্পৰ্কত ২১টা জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চ ‘জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসম’ৰ আহ্বায়ক মুমিনুল আৱালে দেওবাৰে লাষ্টগেটস্থিত হোটেল নিবেদনত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত পৰিষদৰ অন্তৰ্ভুক্ত সংগঠনসমূহৰ প্ৰতিনিধিও উপস্থিত থাকে।

সংবাদমেল সম্বোধন কৰি মুমিনুল আৱালে কয় যে, অসম চুক্তিৰ দ্বাৰা ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমত অবৈধভাৱে প্ৰৱেশ কৰা প্ৰায় ৫০ লাখ মানুহক নাগৰিকত্ব প্ৰদান কৰা হ’ল। অসম চুক্তিৰ দ্বাৰা ৫০ লাখৰো অধিক লোকৰ নাগৰিকত্বৰ সমস্যাৰ সমাধান কৰা হ’ল। কিন্তু তাৰ বিপৰীতে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল সমস্যাৰ সন্মুখীন হ’ল। অসম চুক্তিত সন্নিবিষ্ট ৬নং দফা অনুসৰি অসম চুক্তিৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহকহে সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব লাগে। ৬নং দফা ৰূপায়ণৰ বাবে ভিত্তি বছৰৰ সলনি অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ ভিত্তিত সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব লাগে। লগতে সাংবিধানিক ৰক্ষা কবচৰ দ্বাৰা অসমৰ গৰিয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠীয় জলহা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিব লাগে।

অসম চুক্তিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অসমৰ জনগোষ্ঠীসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। অসম চুক্তিৰ দ্বাৰা প্ৰায় ৫০ লাখৰো অধিক লোকক নাগৰিকত্ব প্ৰদান কৰাৰ ফলত অসমৰ ধুবুৰী, মানকাচাৰ, গোৱালপাৰা, বৰপেটা, নগাঁও, মৰিগাঁও, দৰং আদি জিলাৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহ বিশেষভাৱে ক্ষতিৰ সন্মুখীন হৈছে। সৰ্বাধিকভাৱে ক্ষতিগ্ৰস্ত হোৱা কোঁচ-ৰাজবংশী, দেশী, তিৱা, ৰাভা আদি জনগোষ্ঠীয় লোকৰ বাবে উক্ত জিলাসমূহৰ বিধানসভাৰ আসনসমূহ অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মুমিনুল আৱালে সংবাদ মাধ্যমৰ সমুখত ব্যক্ত কৰে।

আৱালে আৰু কয় যে, অসম বিধানসভাত ১২৬খন আসন আছে। বিধানসভা হৈছে সমগ্ৰ অসমৰ জনসাধাৰণৰ জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এক সদন। অসমত এনে বহু জনগোষ্ঠী আছে যিবিলাক জনগোষ্ঠীৰ জনপ্ৰতিনিধি স্বাধীনতাৰ ৭০ বছৰৰ পিছতো বিধানসভাত প্ৰৱেশৰ সুযোগ লাভ কৰা নাই। অসমৰ বিধানসভাখন প্ৰকৃতাৰ্থত সকলো জনগোষ্ঠীৰ অংশগ্ৰহণৰে পূৰ্ণ পৰ্যায়ৰ এক বিধানসভা হওক। বিধানসভাৰ জনপ্ৰতিনিধিৰ পূৰ্ণতা পাবৰ বাবে অসমত উচ্চ সদনৰ ব্যৱস্থা অতিকে প্ৰয়োজনীয়। আৱালে কয় যে প্ৰতিনিধিত্বৰ সুযোগ লাভ নকৰা জনগোষ্ঠীসমূহলৈ উচ্চ সদনৰ যোগেদি সুবিধা প্ৰদান কৰিব পৰা যায়।

আৱালে সংবাদ মাধ্যমৰ সমুখত বিষয়কেইটাৰ সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰি কয় যে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত ৩ আগষ্ট ২০১৯ তাৰিখে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ২১টা জনগোষ্ঠীয় সংগঠনৰ উপস্থিতিত এক আলোচনা অনুষ্ঠিত হয়। আলোচনাত উল্লিখিত ৩টা বিষয়ৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনোৱা হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংগঠনৰ প্ৰতিনিধিসকলক বিষয়কেইটাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ।