গুৱাহাটী, ১১ নৱেম্বৰ, ২০২৪ : গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত আজিৰে পৰা আৰম্ভ হৈছে আই টি এফ (ITF) মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতা৷ আন্তৰ্জাতিক টেনিছ ফেডাৰেছনৰ স্বীকৃতি লাভ কৰা বিশ্ব ৰেংকিং প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাসহ মুঠ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তক প্ৰতিযোগিতাখনৰ সঞ্চালকৰূপে সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনে নিযুক্তি দিছে৷

আনহাতে, মুখ্য ৰেফাৰীৰূপে সাইকত ৰায়ে দায়িত্ব লাভ কৰিছে৷ প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ৩৫ বছৰ উধ্বৰ্ৰ পৰা ৬৫ বছৰ উধ্বৰ্লৈ চাৰিটা বয়স শাখাত খেল অনুষ্ঠিত হ’ব৷ মাজৰ দুটা বয়স শাখা হ’ল ৪৫ বছৰ আৰু ৫৫ বছৰ৷ উল্লেখ্য যে প্ৰতিটো শাখাতে একক, ডাবলছ আৰু মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’ব৷ আজি প্ৰথমদিনটোত কুৰিখনতকৈয়ো অধিক প্ৰথম ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত যোৱা চাৰি বছৰ ধৰি চচলত আই টি এফ মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে৷ অহা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত অসমৰো খেলুৱৈয়ে অংশ লৈছে৷ ইফালে, এই প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পাছতে অহা ১৮-২৩ নৱেম্বৰলৈ চচলত অনুষ্ঠিত হ’ব ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ (জে-৬০) প্ৰতিযোগিতা৷

একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ ১৬-১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশে৷ আই টি এফৰ ৱেবছাইডত নাম পঞ্জিয়ন কৰা দেশ কেইখন হ’ল চীন, আমেৰিকা, শ্ৰীলংকা, আৰ্মেনিয়া, জাপান, হংকং, হাংগেৰী, ছিংগাপুৰ, ছুইজাৰলেণ্ড, থাইলেণ্ড, কোৰিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, কাজাখস্তান, ইংলণ্ড আৰু কানাডা৷