কলগাছিয়া, সংবাদ ৩৬৫, ৩১ জুলাই : ৰাজ্যৰ অন্যতম সেউজ শাক পাচলিৰ ভৰাল ৰুপে পৰিচিত বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বহু পাচলি খেতি বেঁকী নৈৰ সংহাৰী বানত নষ্ট হৈ গৈছে। শেষতীয়া জিলাখনৰ কৃষিপ্ৰধান গাওঁ সমূহৰ কৃষকে অশেষ কষ্টৰে গাঠিৰ ধন ভাঙি পথাৰ সেউজীয়া কৰি তুলিছিল নানা ধৰনৰ পাচলি খেতিৰে।

খেতি-বাতিৰে পৰিয়াল পোহপাল দিয়া তথা সৰ্বস্বান্ত হোৱা কলগাছিয়াৰ আমগুৰি, বালাৰপাথাৰ, উদমাৰীৰ পাচলি খেতিয়কে কৰা কেৰেলা, বেঙেনা, বিলাহী, কোমোৰা, পানী লাও, ভোল, জিকা, জলকীয়া আদি আদি খেতি বানপানীয়ে প্লাৱিত কৰাত পচি গৈছে গছ ও পাচলি। যাৰ ফলত মূল্যবান পাচলি খেতি পচি নষ্ট হোৱাত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈ সৰ্বস্বান্ত হৈ পৰিছে কৃষক সকল।

সৰ্বস্বান্ত হোৱা এই সকলক যদি চৰকাৰৰ ফালৰ পৰা অনুদান দিয়া নহয় তেন্তে আত্মহত্যা বা বিদেশত গৈ কাম কৰাৰ বাদে কোনো পথ নাথাকিব বুলি মন্তব্য কৰে কৃষকে।