যোৰহাট, ৯ ছেপ্টেম্বৰঃ যাদুসম্ৰাট এম হুছেইনলৈ ব্যতিক্ৰম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে যোৰহাটৰ এগৰাকী যুৱতীয়ে। এম হুছেইনৰ ১৮ তম্ মৃত্যু দিৱসত তৃতীয়বাৰলৈ  যোৰহাটৰ ৰাজপথত চকুত ক’লা কাপোৰ বান্ধি বুলেট চালনা কৰিলে গুলঞ্চস্মিতা জি চি আৰু পিতৃ দীপক জ্যোতি বৰাই। ডাইনী হত্যা, নাৰী নিৰ্যাতন, নৰবলি, গড় সুৰক্ষা আৰু বন সুৰক্ষাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৰহাটৰ চাৰিঙীয়াস্হিত কৈলাশপতি ভৱনৰপৰা চাৰিঙীয়া পথেৰে গৈ মালৌপথাৰ জাতীয় বিদ্যালয়ৰ সহযোগত বন্তি প্ৰজ্বলন কৰি গুৱাল গাঁও হৈ চেঙেলীআটি ৰঙ্গমঞ্চত বুলেট চালনাৰ সামৰণি মাৰে। ইয়াৰ পিছতেই যাদু যে কেৱল তন্ত্ৰ মন্ত্ৰ নহয় ই এক সম্পূৰ্ণ বিজ্ঞান এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে গুলঞ্চস্মৃতা, ভাতৃ ছায়াংক বল্লভ আৰু গৌৰিন্দ্ৰ শৰ্মাই জনতাৰ মাজত বিনামূলীয়াকৈ যাদু প্ৰদৰ্শন কৰে। অনুষ্ঠানত যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° জয়ন্ত গোস্বামী, স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃষিকেশ হাজৰিকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।