তিতাবৰ, ৯ ছেপ্টেম্বৰঃ তিতাবৰত পুনৰ বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, যোৱা নিশা পুনৰ ৩০-৪০ জনীয়া হাতীৰ জাকে তিতাবৰৰ খৰিকটিয়া গ্ৰাণ্টত উপদ্ৰৱ চলাই কেবাটাও বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে বিস্তৰ পৰিমাণৰ কৃষিপথাৰ নষ্ট কৰে৷ স্থানীয় লোকে সদৰি কৰা মতে, বিগত কেবাবছৰ ধৰি তিতাবৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলাই আহিছে। অঞ্চলটোত কেবাজনো লোক হাতীৰ গচকত মৃত্যু মুখত পৰিছে। পুনৰ হাতীয়ে অঞ্চলটোত তাণ্ডৱ চলাবলৈ আৰম্ভ কৰিছে বুলি সন্দেহ কৰি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।